চৰকাৰী বিদ্যালয়ৰ নমুনা! এহাতে ছাতি এহাতে কিতাপ লৈ শিক্ষা গ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ

চৰকাৰী বিদ্যালয়ৰ নমুনা! এহাতে ছাতি এহাতে কিতাপ লৈ শিক্ষা গ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ

ডিজিটেল ডেস্কঃ পুনৰ পোহৰলৈ আহিছে চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাৰ কথা।ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এক ভিডিঅ'। য'ত দেখিবলৈ পোৱা গৈছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এহাতে ছাতি এহাতে কিতাপ, কলম লৈ শিক্ষা গ্ৰহণ কৰি আছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এই দৃশ্য মধ্য প্ৰদেশৰ শ্বাহদল জিলাৰ ভূৰচী গাঁৱৰ এখন চৰকাৰী বিদ্যালয়ৰ। বিদ্যালয়খনৰ ছিলিঙৰ ফুটাৰ পৰা পানী নিগৰি থকাৰ বাবেই ছাত্ৰ-ছাত্ৰীসকলে হাতত ছাতি লৈ উপস্থিত থাকিবলগীয়া হৈছে শ্ৰেণীকোঠাত।

বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্বাহদল জিলাৰ উপায়ুক্ত বন্দনা বৈধে কয় যে, বিষয়টো ইতিমধ্যেই গুৰুত্ব সহকাৰে লোৱা হৈছে।  তেওঁলোকে জিলা খনৰ প্ৰতিখন বিদ্যালয়ৰ পৰা মেৰামতিৰ আৱেদন বিচাৰিছে আৰু অতিশীঘ্ৰেই সকলো বিদ্যালয়তে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ইয়াৰ লগতে অবিৰত বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে বৃহস্পতিবাৰৰ পৰা পৰৱৰ্তী দুদিনলৈ জিলাখনৰ সকলো বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহ বন্ধ কৰি ৰখাৰ নিৰ্দেশ দিয়া হৈছে। লগতে সকলো ৰাইজকে নদী আৰু অন্য বিপদজনক ঠাইসমূহৰ পৰা আতঁৰি থকাৰ আহ্বান জনাই জিলা উপায়ুক্ত বন্দনা বৈধে।

ইয়াৰ উপৰিও জিলাখনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কৃষিক্ষেত্ৰত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে,  এই বিষয়ত ‘ফছল বীমা যোজনা’ৰ অধীনত কৃষি বিভাগে তদন্ত চলাব আৰু কৃষকৰ ক্ষতিৰ বিশ্লেষণ কৰি গাইডলাইন অনুসৰি ইয়াৰ ব্যৱস্থা কৰা হ'ব।

চৰকাৰী বিদ্যালয়ৰ নমুনা! এহাতে ছাতি এহাতে কিতাপ লৈ শিক্ষা গ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ
সন্মুখত গুণোৎসৱ: শ্ৰেণীকোঠাত ছাতি লৈ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ন…

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in