নতুন ৰূপ দিয়াৰ নামত তলাতল ঘৰত পৰিছে হাতুৰীৰ কোব

ঐতিহাসিক তলাতল ঘৰৰ সংৰক্ষণ আৰু মেৰামতিৰ নামত ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণ নামৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগটোৱে চলাইছে ঐতিহ্য ধ্বংসৰ আখৰা ।

author-image
Asomiya Pratidin
New Update
নতুন ৰূপ দিয়াৰ নামত তলাতল ঘৰত পৰিছে হাতুৰীৰ কোব

ডিজিটেল ডেস্ক : ছশ বছৰীয়া ৰাজত্ব কালেৰে বৰ অসমৰ একত্ৰিত কৰি ৰখা মহা পৰাক্ৰমী আহোম ৰাজ্যৰ ৰাজধানী ৰংপুৰৰ বুকু শুৱনি কৰা ঐতিহাসিক তলাতল ঘৰৰ সংৰক্ষণ আৰু মেৰামতিৰ নামত ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণ নামৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগটোৱে চলাইছে ঐতিহ্য ধ্বংসৰ আখৰা ।

Advertisment

ৰহস্যৰে ভৰপূৰ এসময়ৰ এই বিতোপন ভৱনটোৱে যোৱা কেইবাটাও শতিকাজুৰি দেশী-বিদেশী পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে । কিন্তু উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনত ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণে বিশেষ গুৰুত্ব নিদিয়াত ইয়াৰ আয়ুস টুটি আহিছে । তলাতল ঘৰৰ দেৱালসমূহ বিভিন্ন স্থানত আহোমৰ দিনতে দিয়া লেপন এৰাই আহিছে যাৰ বাবে ইয়াৰ ওপৰত প্ৰতিষ্ঠানটিয়ে বালি মিশ্ৰিত চিমেন্টৰ লেপন দিয়া কাৰ্যই এতিয়া চকু কপালত তুলিছে ৰাজ্যবাসীৰ ।

উল্লেখ্য যে, কেৱল তলাতল ঘৰেই নহয় বৰং আন বহু ঐতিহাসিক সামগ্ৰী কেন্দ্ৰৰ পুৰাতত্ত্ব সৰ্বেক্ষণ নামৰ প্ৰতিষ্ঠানটিয়ে সংৰক্ষণ আৰু সুৰক্ষাৰ নামত ধ্বংস কৰাৰ অভিযোগ উত্থাপন হৈছে ।

শেহতীয়াকৈ এটি শ্ৰমিকৰ দলে তলাতল ঘৰক নতুন ৰূপ দিয়াৰ নামত বৃহৎ বৃহৎ হাতুৰী, বটালীৰে মৰিয়াই খহাই পেলোৱা পৰিলক্ষিত হৈছে । উক্ত স্থানত ৰাসয়নিক পদাৰ্থ মিহলি লেপন প্ৰয়োগ কৰিব প্ৰতিষ্ঠানটিয়ে । এনেদৰেই ঐতিহ্যক নব্য ৰূপ দিয়াৰ প্ৰচেষ্টা চলাব দলটিয়ে । এই কাৰ্যৰ ফলত ভৱিষ্যতত তলাতল ঘৰৰ ওপৰত চলিব পৰা সকলো গৱেষণামূলক সম্ভাৱনা হেৰুৱাই পেলাব বুলি আশংকা কৰিছে ৰাজ্যবাসীয়ে ।

আৰু পঢ়ক : ২০১৫ চনত কেন্দ্ৰৰে স্বাক্ষৰিত ঐতিহাসিক ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ ব্যাখ্যা আগবঢ়ালে এন এছ চি এনয়ে (আই এম)

assam talatal ghar ahom kingdom