২০১৫ চনত কেন্দ্ৰৰে স্বাক্ষৰিত ঐতিহাসিক ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ ব্যাখ্যা আগবঢ়ালে এন এছ চি এনয়ে (আই এম)

২০১৫ চনত কেন্দ্ৰৰে স্বাক্ষৰিত ঐতিহাসিক ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ ব্যাখ্যা আগবঢ়ালে এন এছ চি এনয়ে (আই এম)

ডিজিটেল সংবাদ, ৱাখা : নাগা বিদ্ৰোহী সংগঠন এনএছচিএনে (আই এম) ভাৰত চৰকাৰৰ সৈতে ২০১৫ চনৰ ৩ আগষ্ট স্বাক্ষৰ কৰা ঐতিহাসিক ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট অৰ্থাৎ কাঠামো চুক্তিখনৰ বিষয়ে গুৰুত্বপূৰ্ণ ব্যাখ্যা কৰি এক বিবৃতি প্ৰকাশ কৰা কাৰ্যই বিশেষ তাৎপৰ্যপূৰ্ণ বহন কৰিছে । বিবৃতিটো এন এছ চি এন আই এমে কয় -- ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ নীতি আৰু দক্ষতাসমূহৰ ওপৰত কাম কৰি থকা হৈছে ।

কালি এন এছ চি এন (আই এম)ৰ অধ্যক্ষ কিউ টুছুৱে প্ৰকাশ কৰা বিবৃতিত এন এছ চি এন আই এমৰ উপসভাপতি টংমেথ ৱাংগনাও আৰু সাধাৰণ সম্পাদক থুইংগালেং মুইভাই এই বুলি সোঁৱৰাই দিয়ে যে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ অনুসৰি, ভাৰত চৰকাৰে নগাসকলৰ অনন্য ইতিহাস আৰু অৱস্থানক স্বীকৃতি দিয়ে। নাগা ইউনিক হিষ্টি অৰ্থাৎ নগা অনন্য ইতিহাসৰ অৰ্থ হ’ল নগাসকলৰ স্বাধীনতাৰ ইতিহাস আছে আৰু নগাসকল ভাৰতীয় যুক্তৰাষ্ট্ৰ অথবা বাৰ্মা আন কোনো শক্তিৰ অংশ হোৱা নাছিল ।

অনন্য স্থিতিৰ অৰ্থ হ’ল নাগালিমৰ স্থিতি আৰু পৰিস্থিতি ৰাজনৈতিক। ই ভাৰতৰ আইন-শৃংখলাৰ সমস্যা নহয় । এন এছ চি এন (আই এম)-এ আৰু কয় যে ফ্ৰেমৱৰ্ক চুক্তি অনুসৰি দুয়ো পক্ষই ইটোৱে - সিটোৰ নিজৰ নিজৰ স্থিতি বুজি পাইছে । গণতন্ত্ৰত সাৰ্বভৌমত্ব জনসাধাৰণৰ ওপৰত নিৰ্ভৰশীল বুলি সাৰ্বজনীন নীতি আছে সেই সম্পৰ্কে তেওঁলোক সচেতন। এন এছ চি এন (আই এম)-এ লগতে কয় যে share sovereignty অৰ্থাৎ ভাগ-বতৰা-সাৰ্বভৌমত্ব বুলিলে ইয়াৰ অৰ্থ হ’ল - সাৰ্বভৌম ভাৰতীয় জনসাধাৰণ আৰু সাৰ্বভৌম নগা জনসাধাৰণে দক্ষতাসমূহত সংজ্ঞায়িত কৰা অনুসৰি কিছুমান ক্ষেত্ৰত সাৰ্বভৌম ক্ষমতা ভাগ কৰিব। ।

কোৱা হৈছিল যে ভাৰত চৰকাৰে এই ঐতিহাসিক সত্যটো স্বীকাৰ কৰে যে সাৰ্বভৌম নগা জনগোষ্ঠীয়ে ভাৰতীয় সংবিধান মানি লোৱা নাছিল আৰু তেওঁলোকে মানি নলয়। ব্যাখ্যা কৰা বিবৃতিত কোৱা হৈছে যে নগাসকলৰ স্থিতি স্বীকাৰ কৰি ভাৰতীয় ব্যৱস্থাৰ জটিলতাক শলাগ লৈ ভাৰত চৰকাৰৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ কাৰ্যকালত এই নগা সমস্যা সমাধানৰ বিকল্পৰ প্ৰস্তাৱ আগবঢ়াইছিল নীতিৰ ভিত্তিত share -sovereignty ।

যিটো পৰৱৰ্তী সময়ত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০১৫ চনৰ ৩ আগষ্টত স্বাক্ষৰিত হয়। নগাসকলৰ জাতীয় পৰিচয়ক স্বীকাৰ কৰি আৰু ভাৰতীয় সংবিধান সভাৰ দ্বাৰা তেওঁলোকক আগবঢ়োৱা ভাৰতীয় যুক্তৰাষ্ট্ৰত নগা জনগোষ্ঠীক নাকচ কৰা বুলি স্বীকাৰ কৰি ভাৰত চৰকাৰে দুয়োটা সত্তাৰ শান্তিপূৰ্ণ সহাৱস্থানৰ এক নতুন সম্পৰ্কৰ প্ৰস্তাৱ আগবঢ়ায় ।

এন এছ চি এন (আই এম)-এ কয়, ইনক্লুচিভ অৰ্থাৎ অন্তৰ্ভুক্ত বুলি ক’লে ইয়াৰ অৰ্থ হ’ল - সকলো নগা য’তেই নাথাকক কিয় সকলো ৰাজনৈতিক গোটকে সামৰি লৈছে। আনহাতে নতুন সম্পৰ্ক বুলিলে ইয়াৰ অৰ্থ হৈছে ফ্ৰেমৱৰ্ক চুক্তিৰ ওপৰত ভিত্তি কৰি নতুন সম্পৰ্ক । আৰু দুয়োটা সত্তাৰ সহ-অস্তিত্বৰ অৰ্থ হ’ল দুটা - ভাৰতীয় আৰু নগা জনগোষ্ঠীৰ সহাৱস্থান। ইফালে, নগা ৰাষ্ট্ৰীয় পতাকা আৰু সংবিধানৰ প্ৰশ্নসমূহৰ ওপৰত এন এছ চি এন (আই এম)-এ দৃঢ়তাৰে কয় যে পতাকা আৰু সংবিধান সাৰ্বভৌমত্বৰ গঠনমূলক অংশ।

ইয়াৰ বিষয়ে কোনো অস্পষ্টতা থাকিব নালাগে। উল্লেখযোগ্য যে ২০২৩ চনত অনুষ্ঠিত হ'ব লগা নাগালেণ্ড বিধানসভা নিৰ্বাচন পূৰ্বে চূড়ান্ত নগা চুক্তি বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এন এছ চিন আই এমৰ সামূহিক নেতৃত্বৰ সৈতে চলি থকা ধাৰাবাহিক আলোচনাৰ সময়তে এনেদৰে ২০১৫ চনৰ ৩ আগষ্টত স্বাক্ষৰিত ঐতিহাসিক ফ্ৰেমৱৰ্ক চুক্তিৰ ব্যাখ্যা আগবঢ়োৱা বিষয়টোৱে বিশেষ তাৎপৰ্যপূৰ্ণ বহন কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in