কুৰুৱাবাহীত অব্যাহত আছে ডাম্পাৰৰ ত্ৰাস

author-image
Asomiya Pratidin
New Update
কুৰুৱাবাহীত অব্যাহত আছে ডাম্পাৰৰ ত্ৰাস

ডিজিটেল সংবাদ, বোকাখাত : ডাম্পাৰৰ দৌৰাত্মই ত্ৰাসৰ সৃষ্টি কৰিছে বোকাখাতৰ কুৰুৱাবাহীত। তীব্ৰবেগী ডাম্পাৰৰ দৈনিক আহ-যাহৰ ফলত সৰু যান-বাহন, পথাচাৰীৰ পথত উঠিবলৈ ভয় লগা অৱস্থাৰ সৃষ্টি হৈছে বোকাখাতৰ কুৰুৱাবাহীত।

Advertisment

ইফালে, কুৰুৱাবাহী তিনিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কুৰুৱাবাহীৰ বৃহৎ অঞ্চলক সংযোগ কৰি গাঁৱৰ মাজেদি প্রায় ১০ কিলোমিটাৰ আহি পুনৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ৰজাবাৰীত সংযোগ হোৱা পকী পথচোৱা ফালি ছিৰাছিৰ কৰিছে গধুৰ বোজাই কঢ়িওৱা ডাম্পাৰসমূহে।

বোকাখাতৰ কুৰুৱাবাহীৰ প্ৰতিটো পকীপথ এতিয়া ভগ্ন। তদুপৰি, তিনি সুঁতিৰ পৰা মৰিয়াহোলালৈ যোৱা পকী পথ ডাম্পাৰৰ ভৰ সহ্য কৰিব নোৱাৰি ছিন্ন-বিচ্ছিন্ন হোৱাৰ লগতে সৃষ্টি হৈছে প্ৰকাণ্ড প্রকাণ্ড গাঁতৰ। ঠায়ে ঠায়ে এঢলীয়াকৈ বহি গৈছে পথ। ভগ্ন পথৰ মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষই লোৱা নাই কোনো ব্যৱস্থা। আনহাতে তীব্ৰবেগী ডাম্পাৰ সমুহৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰটো ৰহস্যজনক ভূমিকা পালন কৰি আহিছে বিভাগীয় কৰ্তৃপক্ষই। এই ক্ষেত্ৰত ইটা ভাটাত মাটি যোগান ধৰা এক শ্ৰেণীৰ মাটিৰ দালালৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে একাংশ গাঁওবাসীয়ে।

উল্লেখযোগ্য যে, ডাম্পাৰে বিধ্বস্ত কৰা পথত নিয়ন্ত্ৰণ হেৰুৱাই স্কুটী আৰোহী দুগৰাকী শিক্ষয়িত্ৰী গুৰুতৰভাৱে আহত হোৱাৰ পাছত দুদিনমানৰ বাবে ডাম্পাৰৰ চলাচল বন্ধ হৈছিল যদিও পুনৰ চলাচল হৈছে ডাম্পাৰৰ। মাটি আৰু শিল কঢ়িওৱা ডাম্পাৰ নিয়ন্ত্ৰণ আৰু পথ মেৰামতিৰ দাবী জনাইছে কুৰুৱাবাহীৰ ৰাইজ, দল-সংগঠনে।

আৰু পঢ়ক : সাজু কৰা হৈছে আৰ্টেমিছ ৩, প্ৰথমবাৰলৈ মঙল গ্ৰহত উপস্থিত হ'ব মহাকাশচাৰী...

Assam police titabar