/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/e51694ee-d8ba-41fb-b9b7-92a8098bdd92/alyssa.jpg)
ডিজিটেল ডেস্ক : সুদীৰ্ঘ কালৰ কল্পনা জল্পনাৰ অন্ত পেলাই সাজু কৰা হৈছে নাছাৰ ৰকেট আৰ্টেমিছ ৩ । যি আগন্তুক সময়ত মঙল গ্ৰহলৈ কঢ়িয়াই নিব কোনো মহাকাশচাৰীক । বুকুত ধূলিৰ ধুমুহা লৈ এটি ৰঙা গ্ৰহ অজস্ৰ সমস্যা লৈ এতিয়া অপেক্ষাৰত কোনো মহাকাশচাৰীৰ আগমণৰ বাবে । পূৰ্বে কাহানিও মানৱ সভ্যতাই ঢুকি নোপোৱা এই গ্ৰহটিৰ বুকুত আৰু কি কি আছে কোনে জানে ? তেনেকৈয়ে সাজু কৰা হৈছে মহাকাশচাৰী এলিছা কাৰ্ছন আৰু আৰ্টেমিছ ৩ক ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/3ccde504-01dd-44ba-9209-f7f9edc25cd9/maf_20230130_cs2_fnlasmbly_01_0.jpg)
হয় এলিছা কাৰ্ছন হৈছে মঙল গ্ৰহলৈ যাবলৈ ওলোৱা প্ৰথমগৰাকী মহাকাশচাৰী । ২০০১ চনত জন্ম লাভ কৰা এলিছা কাৰ্ছন এতিয়া ২১ বছৰীয়া যুৱতী । সম্ভৱত ২০৩৩ চনত মঙল গ্ৰহলৈ যাত্ৰা কৰিব এলিছাই । এই যাত্ৰাৰ অন্তৰালত আছে বহু ৰহস্য ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/9e2f2fae-61d4-4c21-bfa3-d1ba16656160/maxresdefault.jpg)
বহু বছৰ পূৰ্বেই নাছাই এক বিজ্ঞাপনৰ যোগে জনাইছিল সমগ্ৰ বিশ্বক যে মঙল গ্ৰহলৈ যাবলৈ প্ৰয়োজন হ'ব স্ৱেচ্ছাসেৱীৰ । এই বিজ্ঞাপনৰ সহাৰি জনাই সমগ্ৰ বিশ্বৰ লক্ষাধিক লোকে দাখিল কৰিছিল আবেদন । তাৰেই মাজত আছিল ৯ বছৰীয়া এলিছা । অৱশ্যে ইয়াৰ সৈতে সংপৃক্ত হৈ আছে বহু কথা । মঙল গ্ৰহলৈ অকলেই যাব এলিছা । ২ বছৰ অকলেই পৰীক্ষা চলাব ৰঙা গ্ৰহৰ বুকুত । কিন্তু উভতি অহাৰ সম্ভাৱনা ক্ষীণ এলিছাৰ । এই সম্পৰ্কে জ্ঞাত এলিছা ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/bec380fa-9244-4841-a29e-f8d765e93d96/maf_20230117_cs4_lox_it_01.jpg)
আনহাতে, ধীৰে ধীৰে নিজৰ ক্ষমতা বৃদ্ধি কৰি আহিছে নাছাই ।পূৰ্বতকৈ শক্তিশালী হৈ উঠিছে ৰকেটসমূহৰ ইঞ্জিন । যাৰ বাবে সৌৰজগতৰ পূৰ্বে বিচৰণ কৰিব নোৱাৰা অংশসমূহতো নাছাই আগন্তুক সময়ত মহাকাশচাৰী পঠিয়াব পাৰিব বুলি আশাবাদী ।