গাড়ী ষ্টান্ট কৰি আতংকৰ সৃষ্টি কৰা ৰোহন আগৰৱালাক গ্ৰেপ্তাৰ

গাড়ী ষ্টান্ট কৰি আতংকৰ সৃষ্টি কৰা ৰোহন আগৰৱালাক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক : মহানগৰীত নিশা হ'লেই যেন আতংকৰ সৃষ্টি হয় উদণ্ড যুৱকৰ দৌৰাত্ম্যত । বাইক, গাড়ীৰ জৰিয়তে ৰাজপথত অতপালি কৰি সময়ে সময়ে হাৰাশাস্তি কৰি আহিছে পদপথচাৰীক । যাৰ বাবে ইতিমধ্যে দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অথবা মৃত্যুকো সাৱটি ল'ব লগীয়া হৈছে নিৰীহ নাগৰিকে ।

তেনে এক ঘটনাই বুধবাৰে নিশা সংঘটিত হ'ল মহানগৰীৰ খানাপাৰাত । ব্যক্তিগত ৱেগন আৰ বাহনেৰে ষ্টান্ট কৰা যুৱকে খুন্দিয়াই যুৱতীক ।

উল্লেখ্য যে, ৰোহন আগৰৱালা নামৰ যুৱকজনে প্ৰথমে ৱেগন আৰ বাহনখনেৰে যুৱতী গৰাকীক খুন্দিওৱাৰ বাবেই বাক বিতণ্ডাত লিপ্ত হৈছিল দুয়ো । তাৰ পাছত যুৱতী গৰাকীক অশ্লীল ইংগিত দি চুলিত ধৰি বহু দূৰ চোচৰাই নিয়ে ৰোহন আগৰৱালাই ।নিশাই সংঘটিত এই ঘটনাৰ পাছত স্থানীয় ৰাইজে খেদি ভেটাপাৰাত কৰায়ত্ত কৰে উদণ্ড যুৱক জনক ।

তথ্য অনুসৰি, মহানগৰ আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা গ্ৰেপ্তাৰ কৰে ৰোহন আগৰৱালাক ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in