মুছলপুৰ জিলা যুৱ ইউপিপিএলৰ সদস্যক ৱাটছ এপৰ পৰা ওলিয়াই দিয়াত প্ৰতিক্ৰিয়া...

বাক্সা জিলাৰ অন্তৰ্গত মুছলপুৰ জিলা যুৱ ইউপিপিএল ৱাটছ এপ গ্ৰুপটোৰ পৰা সোমবাৰে ১৮ জন সদস্যক ৱাটছ এপ গ্ৰুপৰ পৰা ওলিয়াই দিয়া হয়

author-image
Asomiya Pratidin
New Update
মুছলপুৰ জিলা যুৱ ইউপিপিএলৰ সদস্যক ৱাটছ এপৰ পৰা ওলিয়াই দিয়াত প্ৰতিক্ৰিয়া...

ইউপিপিএল

ডিজিটেল সংবাদ, মুছলপুৰঃ বাক্সা জিলাৰ অন্তৰ্গত মুছলপুৰ জিলা যুৱ ইউপিপিএল ৱাটছ এপ গ্ৰুপটোৰ পৰা সোমবাৰে ১৮ জন সদস্যক ৱাটছ এপ গ্ৰুপৰ পৰা ওলিয়াই দিয়া হয় । বহু কেইজন সদস্যক এইদৰে গ্ৰুপটোৰ পৰা উলিয়াই দিয়াত জিলাখনৰ ইউপিপিএল দলৰ নেতা-কৰ্মী সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Advertisment

একাংশ নেতা-কৰ্মী সকলে জানিবলৈ দিয়া অনুসৰি কোনো কাৰণ নোহোৱাকৈ হঠাৎ গ্ৰুপটোৰ পৰা এনেকৈ ওলিয়াই দিয়া হৈছে । কোনোধৰণৰ কাৰণ নজনোৱাকৈ এডমিনে ওলিয়াই দিয়াত সকলো হতবাক হৈছে । বহিষ্কৃত একাংশ ইউপিপিএল কৰ্মীসকলে অভিযোগ উত্থাপিত কৰি কয় যে, হঠাৎ মুছলপুৰ জিলা যুৱ ইউপিপিএল গ্ৰুপটোৰ পৰা ওলিয়াই দিয়াৰ কাৰণ বুজিব পৰা নাই ।

লগতে অভিযোগকাৰীয়ে কয় যে বহু বছৰ ইউপিপিএল দলৰ হৈ কাম কৰি আহি আজি ইউপিপিএল দলে বিটিআৰ চৰকাৰ গঠন কৰিব পাৰিলে । এই কষ্টৰ ফলস্বৰূপে সদস্যসকলক জিলা যুৱ ইউপিপিএলৰ ৱাটছ এপ গ্ৰুপটোৰ পৰা ওলিয়াই দিয়া হ’ল । এইটোৱে ইউপিপিএল দলৰ নীতি নেকিও প্ৰশ্ন কৰিছে অভিযোগকাৰীয়ে ।

এজন, দুজন বিটিচিৰ কাৰ্যবাহী সদস্য সকলৰ সম্পত্তি নেকি ইউপিপিএল দলটো বুলিও প্ৰশ্ন কৰে কৰ্মীসকলে । একাংশ কাৰ্যবাহী সদস্যসকলেই ইউপিপিএল দলটোক চকৰি ঘূৰাই থাকে বুলিও ক্ষোভ প্ৰকাশ কৰে । ইচ্ছা কৰিলেই গ্ৰুপটোৰ পৰা ওলিয়াই দিয়াটো ইউপিপিএল দলৰ কোনো নীতি-আদৰ্শ নাই বুলিও প্ৰশ্ন কৰে ।

Also Read: অবৈধ চীল মোহৰৰ সহায়ত অসম সত্ৰ মহাসভাৰ নামত জালিয়াতি...

ইউপিপিএল বাক্সা