পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি বাইহাটা চাৰিআলিত প্ৰতিক্ৰিয়া

যাতে পুনৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বিকল্প ব্যৱস্থা গ্ৰহণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী তথা স্থানীয় আৰক্ষী প্ৰশাসনক দাবী

author-image
Asomiya Pratidin
New Update
পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি বাইহাটা চাৰিআলিত প্ৰতিক্ৰিয়া

ডিজিটেল সংবাদ, দুমুনিচকী : শুকুবাৰে নিশা সংঘটিত এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি বাইহাটা চাৰিআলিত তীব্ৰ প্ৰতিক্ৰিয়া। সচেতন ৰাইজৰ অভিযোগ বাইহাটা চাৰিআলিৰ ভাঙি যোৱা ট্ৰেফিক পইন্টৰ বিপদজনক অৱস্থাত থকা অৱশিষ্ট অংশৰ প্ৰতি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী তথা স্থানীয় আৰক্ষী প্ৰশাসনে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি আহিছে।

Advertisment

এই অভিযোগ উত্থাপন কৰি যোৱা নিশা দুৰ্ঘটনাৰ পিছতে শতাধিক স্থানীয় লোকৰ লগতে একাংশ পথচাৰী প্ৰতিবাদমুখৰ হৈ পৰে। জানিব পৰা মতে নিশা প্ৰায় ১১ বজাত গুৱাহাটী অভিমুখী AS 01 FA 3539 নম্বৰৰ চাৰিচকীয়া বাহনখনে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মঙলদৈৰ দিশৰ পৰা আহি থাকে।

তীব্ৰ বেগত অহা বাহনখনৰ চালকে গুৱাহাটী অভিমুখে যাব লওতেই চাৰিআলিৰ মাজ পথত থকা ভাঙি যোৱা ট্ৰেফিক পইন্টৰ অৱশিষ্ট অংশত খুন্দা মাৰি দিয়ে। যাৰ ফলত বাহনখন প্ৰায় ৩০ ফুট দূৰৰ পদপথত ওফৰি পৰে।

ফলত চালকসহ তিনিজন যুৱক গুৰুতভাবে আঘাতপ্ৰাপ্ত হয়। প্ৰত্যক্ষদৰ্শী স্থানীয় লোকে দুৰ্ঘটনা সম্পৰ্কে বাইহাটা চাৰিআলি আৰক্ষী থানাত অবগত কৰাত আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত তিনিওজন যুৱকক চাৰিআলিস্থিত অভেল মাল্টিস্পেচিয়েলিটি হাস্পতাললৈ লৈ যায়।

আঘাতপ্ৰাপ্ত যুৱক ক্ৰমে দৰং জিলাৰ নামখলা নিবাসী ৰামহৰি ৰাহা (২৮), আনন্দ বৰ্মন (২৭) আৰু কাজল সুত্ৰধৰ (২৬) বুলি জানিব পৰা গৈছে। ইয়াৰে আনন্দ বৰ্মনৰ অৱস্থা সংকটজনক হোৱাত নিশাই প্ৰথমে তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত লৈ যায় আৰু পিছত জি এম চি এইচলৈ প্ৰেৰণ কৰে।

ইফালে বাইহাটা চাৰিআলিৰ ভাঙি যোৱা ট্ৰেফিক পইন্টৰ অৱশিষ্ট অংশত কোনো ধৰণৰ ফলক আঁৰি নিদিয়াত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে থকা উক্ত অংশ মৰণফান্দত পৰিণত হোৱা বুলি স্থানীয় লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। উত্তেজিত লোকসকলে ট্ৰেফিক পইন্টৰ অৱশিষ্ট অংশৰ বাবে যাতে পুনৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বিকল্প ব্যৱস্থা গ্ৰহণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী তথা স্থানীয় আৰক্ষী প্ৰশাসনক দাবী জনায়।

Also Read: কাজলগাঁৱত ৰংজালী বৈশাগু উদযাপন

Assam police