শ্ৰীৰঘুপতিৰ সফলতাৰ পাছত ৰবি শৰ্মাৰ নৱতম ছবি 'ৰুদ্ৰ'

একশ্বনবোৰ বৰ্তমান হিন্দী তথা দক্ষিণৰে চলচ্চিত্ৰ লগত ফেৰ মাৰিব পৰাকৈ নিৰ্মাণ কৰাৰ পৰিকল্পনা
শ্ৰীৰঘুপতিৰ সফলতাৰ পাছত ৰবি শৰ্মাৰ নৱতম ছবি 'ৰুদ্ৰ'

ডিজিটেল ডেস্ক : যোৱা ২ জুনত মুক্তি পাইছিল ৰবি শৰ্মাৰ শেহতীয়া ছবি শ্ৰীৰঘুপতি। ছবিখনে ব্যৱসায়ৰ দিশত ভংগ কৰিছিল কেইবাটাও ৰেক'ৰ্ড। প্ৰায় ১৫ কোটি টকা ব্যৱসায় কৰি গঢ়িছিল অভিলেখ। যেন ধাৰাই সলনি কৰি অসমীয়া ছবি উদ্যোগৰ। হিল-দোল ভাগি দৰ্শকে ভিৰ কৰিছিল শ্ৰীৰঘুপতি উপভোগ কৰিবলৈ।

শ্ৰীৰঘুপতিৰ অভূতপূৰ্ব সফলতাৰ পাছত এইবাৰ আহি আছে জনপ্ৰিয় অভিনেতা তথা সুদৰ্শন নায়ক ৰবি শৰ্মাৰ নৱতম ছবি 'ৰুদ্ৰ।' শুকুৰবাৰে অনুষ্ঠিত এক সংবাদমেলত অভিনেতাগৰাকীয়ে ৰুদ্ৰ সন্দৰ্ভত কৰা পৰিকল্পনাৰ কথা জানিবলৈ দিয়ে।

জানিব পৰামতে শ্যাম প্ৰডাকচনৰ বেনাৰত প্ৰথমবাৰৰ নিৰ্মাণ হ'ব ৰুদ্ৰ। ছবিখনৰ কাহিনী তথা পৰিচালনা ৰূপক গগৈৰ। ছবিখনৰ মুখ্য প্ৰযোজক আৰু পৰিৱেশক হিচাপে আছে ৰাজেশ কুমাৰ ম'ৰ।

সম্পূৰ্ণ একশ্বন আৰু থ্ৰিলাৰধর্মী হ'ব ছবিখন। ইয়াৰোপৰি একশ্বনবোৰ বৰ্তমান হিন্দী তথা দক্ষিণৰে চলচ্চিত্ৰ লগত ফেৰ মাৰিব পৰাকৈ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ'ব অসমৰ বিভিন্ন প্ৰান্তৰ লগতে হাইদৰাবাদত।

অহা বৰ্ষৰ মে' মাহৰ পৰা ছবিখনৰ দৃশ্যগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিব। আনহাতে মুক্তিৰ দিন ঠিক কৰা নাই যদিও ছেপ্টেম্বৰ-অক্টোবৰ মাহত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰা বুলি জানিবলৈ দিয়ে।

শ্ৰীৰঘুপতিৰ সফলতাৰ পাছত ৰবি শৰ্মাৰ নৱতম ছবি 'ৰুদ্ৰ'
চকীঘাট দলংৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in