অভিনেত্ৰী আৰতী বৰুৱাৰ পৰলোকপ্ৰাপ্তি...

জীৱন নাট সামৰিলে আৰতি বৰুৱাই ৷ অভিনেত্ৰী, তথা সংস্কৃতিৰ সাধক আৰতী বৰুৱাই বৃহস্পতিবাৰে মহানগৰীৰ এখন চিকিৎসালয়ত দিনৰ ১১.০০ বজাত শেষ নিশ্বাস ত্যাগ কৰে
অভিনেত্ৰী আৰতী বৰুৱাৰ পৰলোকপ্ৰাপ্তি...

ডিজিটেল সংবাদ,নগাঁও: জীৱন নাট সামৰিলে আৰতি বৰুৱাই ৷ অভিনেত্ৰী তথা সংস্কৃতিৰ সাধক আৰতী বৰুৱাই বৃহস্পতিবাৰে মহানগৰীৰ এখন চিকিৎসালয়ত দিনৰ ১১.০০ বজাত শেষ নিশ্বাস ত্যাগ কৰে । 'সন্ধ্যাৰাগ', 'অগ্নিস্নান'কে ধৰি বহুকেইখন ছবিত অভিনয় কৰা আৰতি বৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৭ বছৰ ।

যোৱা ১৮ এপ্ৰিলত ষ্ট্ৰ'কত আক্ৰান্ত হোৱাৰ পিছত সেইদিনাৰ পৰা মৃত্যুৰ সময়লৈকে জি এন আৰ চিত চিকিৎসাধীন হৈ আছিল অভিনেত্ৰীগৰাকী । ৪৩ দিন চিকিৎসাধীন হৈ থকাৰ পিছত আজি তেওঁ চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে ।

লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ পত্নী আছিল প্ৰয়াত আৰতি বৰুৱা ৷ পুৰণিগুদাম ভীমৰ গাঁৱত জন্ম গ্ৰহণ কৰা গীতিকাৰ, সুৰকাৰ, কন্ঠ শিল্পী, সংগীত পৰিচালক লুইত কোঁৱৰৰ পত্নী আৰতী বৰুৱাই স্বামীৰ অবৰ্তমানত শিল্পীজনৰ সৃষ্টিৰাজী জীয়াই ৰাখিবলৈ কাম কৰি গৈছিল ৷ নতুন প্ৰজন্মৰ মাজত ৰুদ্ৰ বৰুৱাৰ সৃষ্টিৰাজী জীয়াই ৰাখিবলৈ হাতে-কামে কাম কৰিছিল ৷ আনকি নিজৰ পেঞ্চনৰ ধনেৰে ৰুদ্ৰ বৰুৱাৰ আবক্ষ মূৰ্তি স্থাপন কৰিছিল আৰতী বৰুৱাই ৷

লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ ১৯৮০ চনত পৰলোক প্ৰাপ্তি ঘটাৰ পিছত বৰুৱাৰ সৃষ্টিৰাজীক আগবঢ়াই নিয়াৰ লগতে তিনি সন্তানক মানুহ হিচাপে গঢ়ি তোলাত সফল হৈছিল প্ৰয়াত আৰতী বৰুৱা ৷ আৰতী বৰুৱাৰ মৃত্যুৰ বাতৰিয়ে শোঁকৰ ছাঁ পেলাইছে প্ৰতিগৰাকী সংস্কৃতিপ্ৰেমীৰ মনত ।

অভিনেত্ৰী আৰতী বৰুৱাৰ পৰলোকপ্ৰাপ্তি...
আকাশীগঙ্গাৰএটি পৰিয়ালৰ কৰুণ কাহিনীয়ে আপোনাকো কৰিব ব্যথিত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in