/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/024c53bf-a488-4b2f-93c1-111062af67e2/343.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ ইটাখোলাত প্ৰতিবছৰৰ দৰে এইবছৰো ৰাৱণ দাহ পৰ্ব অনুষ্ঠিত কৰা হয়। ৰাষ্ট্ৰীয় বজৰং দলৰ তেজপুৰ বিভাগৰ উদ্যোগত, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ সহযোগত শ্ৰী শ্ৰী দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনটোত জীয়াভৰলী নদীৰ ঘাটত দেৱী বিসৰ্জন দিয়াৰ পাছত সন্ধিয়া ৰাৱণ দাহন অৰ্থাৎ দশেৰা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
এই অনুষ্ঠানত ইটাখোলাত ৪০ ফুট উচ্চতাৰ ৰাৱণ দাহন কৰাৰ হৈছে । সংস্থাপন কৰা হৈছে হাজাৰ হাজাৰ টকাৰ আঁতচবাজি । পূৰ্বৰ দৰে এইবেলিও ৰাৱণ দাহন কাৰ্যসূচীত হাজাৰ হাজাৰ লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা যায় ৷
Also Read: শিৱসাগৰত কাব্যপ্ৰাণ প্ৰেম গগৈৰ ৭৮ সংখ্যক ওপজা দিন উদযাপন