শিৱসাগৰত কাব্যপ্ৰাণ প্ৰেম গগৈৰ ৭৮ সংখ্যক ওপজা দিন উদযাপন

শিৱসাগৰত কাব্যপ্ৰাণ প্ৰেম গগৈৰ ৭৮ সংখ্যক ওপজা দিন উদযাপন

ডিজিটেল সংবাদ,শিৱসাগৰ : ৪২ খনকৈ গ্ৰন্থ ৰচনা কৰি  সাহিত্যৰ ভড়াল চহকী কৰা অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ তথা সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি কাব্যপ্ৰাণ উপাধি প্ৰাপক প্ৰেম গগৈৰ মঙলবাৰে ৭৮ সংখ্যক  ওপজা দিন উদযাপন কৰা হয়। শিৱসাগৰ কবি চক্ৰৰ উদ্যোগত, শিৱসাগৰ প্ৰেছ ক্লাব আৰু স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ সহযোগত শিৱসাগৰ প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত দুখনকৈ কাব্যগ্ৰন্থও উন্মোচন কৰা হয়।

অনুষ্ঠানৰ আঁত ধৰে বিশিষ্ট লেখিকা ড° লিপি ফুকনে। মণিমালা বৰুৱা দত্তই বৰগীত পৰিৱেশন কৰা ওপজা দিনৰ বিশেষ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে গড়গাঁও কলেজৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ ড° সব্যসাচী মহন্ত, দিচাংমুখৰ এবাতি আপঙৰ স্ৰষ্টা বিশিষ্ট কবি গঙ্গামোহন মিলি আৰু শিৱসাগৰ কবি চক্ৰৰ সভাপতি মুকুল নাথে।

অনুষ্ঠানৰ মধ্যমণি প্ৰেম গগৈয়ে জন্মদিনৰ কেক কটাৰ পিছতে প্ৰেম গগৈৰ 'সৰিয়হফুলীয়া ৰ'দ এজাক' শীৰ্ষক কাব্যগ্ৰন্থখনি কবি গঙ্গামোহন মিলিয়ে উন্মোচন কৰে। আনহাতে কবি প্ৰেম গগৈৰ সহধৰ্মিণী পদ্মা গগৈৰ 'কঁহুৱাৰ দৰে ডাৱৰৰ দৰে' শীৰ্ষক কাব্যগ্ৰন্থ খনি উন্মোচন কৰে বিশিষ্ট কবি, নিবন্ধকাৰ ড° সব্যসাচী মহন্তই।

গ্ৰন্থ উন্মোচন কৰি কবি গঙ্গামোহন মিলিয়ে প্ৰেম গগৈৰ কবিতাই অসমৰ চহা জীৱনৰ সৰলতাক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰে। সহজ কাব্য ৰীতিৰ বাবেই প্ৰেম গগৈৰ কবিতাই পাঠকক মুগ্ধ কৰি আহিছে বুলিও মিলিয়ে উল্লেখ কৰে।

আনহাতে ভাষণ প্ৰসংগত ডঃ সব্যসাচী মহন্তই প্ৰেম গগৈক ন লেখক লেখিকাৰ প্ৰেৰণাৰ অমল উৎস বুলি উল্লেখ কৰে। প্ৰচুৰ অধ্যয়নশীল, নিৰহংকাৰী প্ৰেম গগৈৰ সাহিত্যৰ প্ৰায় সকলো দিশতে অবাধ বিচৰণ বুলি উল্লেখ কৰি ড° মহন্তই এইগৰাকী কবি সাহিত্যিকৰ জীৱনৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰি দৰ্শক শ্ৰোতাক আপ্লুত কৰে।

উল্লেখযোগ্য যে, আজিৰ অনুষ্ঠানতে প্ৰতিশ্ৰুতি সম্পন্ন কবি অনিন্দিতা বাৎসায়নে প্ৰেম গগৈৰ কবিতাৰ এক বিশ্লেষণ আগবঢ়ায়। সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন প্ৰধান সম্পাদক হৰেন গগৈয়ে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানতে প্ৰেম গগৈৰ কেইটামান কবিতা আবৃত্তি আৰু পাঠ কৰে ক্ৰমে ৰমেন শইকীয়া, মিলন খনিকৰ আৰু সংগীতা ৰুণুমীয়ে।

ইফালে ওপজা দিনটোত বিশিষ্ট সাহিত্যিকগৰাকীক শিৱসাগৰ জিলা কবি সন্মিলন, শিৱসাগৰ কবি চক্ৰ, শিৱসাগৰ প্ৰেছ ক্লাব, স্বেচ্ছাসেৱী অনুষ্ঠান খোজ, শিৱসাগৰ জিলা বার্তাজীৱী সংঘ, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা, দিচাংমুখ কবি সন্মিলন, নাজিৰা কবি সন্মিলন, অৰুণোদয় সাহিত্য সভা, ময়িদুল ইছলাম বড়া স্মৃতি ৰক্ষা সমিতি, ৰংপুৰ সাহিত্য সভা,অৰুন্ধতী কবি চক্ৰ-চাৰিং আদিৰ লগতে কবি জয়জ্যোতি গগৈ, ড° সব্যসাচী মহন্ত, মুকুল নাথ, গঙ্গামোহন মিলি, পুঞ্জন বৰুৱা, মনোৰঞ্জন বৰগোহাঞি, অশ্ৰুমণি দত্ত ঘোষ, তৰুণ চন্দ্ৰ নাথ, জনম খনিকৰ, প্ৰশান্ত বৰগোঁহাই, মুক্তাব হুছেইন, সংগীতা ৰুণুমী আদিয়ে বিভিন্ন উপহাৰেৰে ওলগ জ্ঞাপন কৰে।

আনহাতে প্ৰেম গগৈয়ে অনুৰাগীৰ শুভেচ্ছা গ্ৰহণ কৰি সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰেম গগৈৰ ওপজা দিনৰ লগত সংগতি ৰাখি আয়োজন কৰা কবিতা পাঠ অনুষ্ঠানত মনোৰঞ্জন বৰগোহাঞি, দুষ্যন্ত মাধৱ বৰুৱা, তৰুণ চন্দ্ৰ নাথ, মিনতি দত্ত দুৱৰা, সুৱন সিং গাম, নিৰু হাজৰিকা, অনামিকা দাস আদিয়ে অংশগ্ৰহণ কৰে।

শিৱসাগৰত কাব্যপ্ৰাণ প্ৰেম গগৈৰ ৭৮ সংখ্যক ওপজা দিন উদযাপন
বিত্তীয় কেলেংকাৰী ! ঢকুৱাখনা শিক্ষা-খণ্ডৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে গোচৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in