শিৱ সম্ভু পেপাৰ এজেন্সিৰ স্বত্বাধিকাৰী ৰাতুল চন্দ্ৰ ডেকাৰ বিয়োগ

শিৱ সম্ভু পেপাৰ এজেন্সিৰ স্বত্বাধিকাৰী ৰাতুল চন্দ্ৰ ডেকাৰ বিয়োগ

ডিজিটেল সংবাদ, দুমুনিচকী : অসমীয়া প্ৰতিদিন কাকতৰ জন্মলগ্নৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত থকাৰ উপৰি সুদীৰ্ঘ কাল কাকতখনৰ বিতৰণৰ দায়িত্ব বহন কৰা শিৱ সম্ভু এজেন্সিৰ বৰ্তমানৰ স্বত্বাধিকাৰী ৰাতুল চন্দ্ৰ ডেকাৰ বিয়োগ। বুধবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত আকস্মিকভাৱে তেওঁৰ বিয়োগ হয়।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ। ১৯৭০ চনৰ ২ অক্টোবৰত জন্ম গ্ৰহণ কৰা ৰাতুল চন্দ্ৰ ডেকাৰ ককাক প্ৰয়াত সম্ভুৰাম ডেকা অসমীয়া প্ৰতিদিন কাকতৰ জন্মলগ্নৰে পৰা কাকতখনৰ লগত জড়িত থকাৰ উপৰিও কাকতখনৰ প্ৰচলনৰ ক্ষেত্ৰতো দায়িত্ব বহন কৰিছিল। সেই সময়ত শিৱ সম্ভু এজেন্সি নামেৰে নামাকৰণ কৰি অসমীয়া প্ৰতিদিন কাকতৰ এজেন্সিৰ দায়িত্ব বহন কৰাৰ লগতে কাকতখনৰ প্ৰচলন কৰাৰ ক্ষেত্ৰতো বিশেষ অৱদান আগবঢ়ায়।

পিছলৈ ইং ১৯৯৬ চনৰ ১ আগষ্টত সম্ভুৰাম ডেকাই ইহসংসাৰৰ পৰা বিদায় লোৱাত সম্ভুৰাম ডেকাৰ পুত্ৰ প্ৰয়াত মুৰাৰী মোহন ডেকাই পিতৃ সম্ভুৰাম ডেকাৰ দায়িত্ব পালন কৰে যদিও একেটা বৰ্ষৰ ১২ ডিচেম্বৰত মুৰাৰী মোহন ডেকাই ইহসংসাৰৰ পৰা বিদায় লয়। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অসমীয়া প্ৰতিদিন কাকতৰ এজেন্সিৰ লগতে প্ৰচলনৰ দায়িত্ব গ্ৰহণ কৰা শিৱ সম্ভু এজেন্সিৰ স্বত্বাধিকাৰী প্ৰয়াত সম্ভুৰাম ডেকা আৰু পুত্ৰ মুৰাৰী মোহন ডেকাৰ মৃত্যুৰ পিছত ডেকাৰ দুই কন্যা ক্ৰমে গীতা ৰাণী ডেকা আৰু মামনি ডেকাযই কেইমাহমান এজেন্সিৰ দায়িত্ব গ্ৰহণ কৰিছিল।

অৱশ্যে মুৰাৰী মোহন ডেকাৰ পুত্ৰ ৰাতুল চন্দ্ৰ ডেকাই বিগত ইং ১৯৯৮ চনৰ পৰা শিৱ সম্ভু এজেন্সিৰ দায়িত্ব বহন কৰে। বিগত প্ৰায় ২৫ বছৰ ধৰি শিৱ সম্ভু এজেন্সিৰ দায়িত্ব বহন কৰাৰ লগতে কাকত প্ৰচলনত জড়িত হৈ থকা বাথান নিবাসী ৰাতুল চন্দ্ৰ ডেকাই আন দিনৰ দৰে মঙলবাৰে বেজেৰাস্থিত কিতাপৰ দোকান বন্ধ কৰি ঘৰলৈ আহে।

কিন্তু বুধবাৰে পুৱতি নিশা হঠাতে গা বেয়া লগা বুলি কোৱাত সপ্তম শ্ৰেণীত পঢ়ি থকা পুত্ৰই চিকিৎসকৰ ওচৰত লৈ যাবলৈ বাহনৰ ব্যৱস্থা কৰে। কিন্তু বাহন আহি নৌপাওঁতেই প্ৰায় ৭ মিনিটৰ ভিতৰত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।

ৰাতুলৰ এই আকস্মিক মৃত্যুৰ বিষয়ে জানিব পাৰি স্থানীয় লোক হতবাক হৈ পৰে। উল্লেখ্য যে বিগত ২০২২ বৰ্ষৰ ১১ নৱেম্বৰত ৰাতুলৰ পত্নী জোনালী ডেকাৰ মৃত্যু হৈছিল। প্ৰায় ৫দশক ধৰি ককাকৰ পৰা নাতিলৈকে শিৱ সম্ভু এজেন্সিৰ লগতে অসমীয়া প্ৰতিদিন কাকতৰ প্ৰচলনৰ ক্ষেত্ৰত জড়িত থকা ৰাতুলৰ একমাত্ৰ সন্তান ধৃতিস্মিত কাশ্যপক শোকহিহ্বল হৈ পৰিছে।

দুমুনিচকী, বেজেৰাকে ধৰি ভিন্ন ঠাইৰ অলেখ গুণমুগ্ধ আৰু আত্মীয় স্বজনৰ উপস্থিতিত ডেকাৰ শেষকৃত্য শৰাইঘাট চমুৱাপাৰা ৰাজহুৱা শ্মশানত সম্পন্ন কৰা হয়। ৰাতুল ডেকাৰ মৃত্যুত স্থানীয় দুমুনিচকী প্ৰেছ ক্লাব, দুমুনিচকী সাৰ্বজনীন দুৰ্গা পূজা উদযাপন স্থায়ী সমিতি, বাথান ইউনাইটেত ইয়ুথ চেন্টাৰ, পূব কামৰূপ সাহিত্য সভা, হালধা সাহিত্য সভা, দুমুনিচকী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন, বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন ছাত্ৰ সংস্থা,বেজেৰা ব্যৱসায়ী সন্থা, আদি বিভিন্ন সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।

বুধবাৰে সন্ধিয়াৰ ভাগত অসমীয়া প্ৰতিদিন কাকতৰ প্ৰচালন বিভাগৰ কেইবাজনো লোক ৰাতুলৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰে।

শিৱ সম্ভু পেপাৰ এজেন্সিৰ স্বত্বাধিকাৰী ৰাতুল চন্দ্ৰ ডেকাৰ বিয়োগ
কেবিনেট বৈঠকত সিদ্ধান্ত : অ'বি চিৰ বাবে সংৰক্ষিত আসন ২৭ শতাংশলৈ বৃদ্ধি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in