কেবিনেট বৈঠকত সিদ্ধান্ত : অ'বি চিৰ বাবে সংৰক্ষিত আসন ২৭ শতাংশলৈ বৃদ্ধি

কেবিনেট বৈঠকত সিদ্ধান্ত : অ'বি চিৰ বাবে সংৰক্ষিত আসন ২৭ শতাংশলৈ বৃদ্ধি

ডিজিটেল ডেস্ক : জনতা ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন। বুধবাৰে সংবাদমেল সম্বোধন কৰে কেবিনেট মন্ত্ৰী ৰণোজ পেগু আৰু কেশৱ মহন্তই। বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও সিদ্ধান্ত লোৱা হয়।

বৈঠকৰ সিদ্ধান্ত অনুসৰি বিশ্ববিদ্যালয়, মহাবিদ্যালয়ত অ'বি চিৰ বাবে সংৰক্ষিত ১৫ শতাংশ আসন ২৭%লৈ বৃদ্ধি কৰা হয়। ইয়াৰোপৰি অসমত হ’ব মহাত্মা গান্ধী আন্তঃৰাষ্ট্রীয় হিন্দী বিশ্ববিদ্যালয়ৰ কেম্পাছ। চলিত বৰ্ষৰ পাঠদান আৰম্ভৰ পৰিকল্পনা কৰাৰ লগতে কামৰূপ জিলাৰ বকোত হ’ব এই বিশ্ববিদ্যালয়ৰ নতুন কেম্পাছ।

আনহাতে চাহ বাগিচাৰ বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ পুষ্টিৰ বাবে পূৰ্বে এবাৰ কণী দিয়াৰ পৰিৱৰ্তে নতুন সিদ্ধান্ত অনুসৰি প্ৰতি সপ্তাহত ৩ দিন কণী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। চৰকাৰী কৰ্মচাৰীৰ বাবে প্রণয়ন হ’ব নতুন আঁচনি।

নতুন আঁচনি ‘সুগমৰ পৰা দুৰ্গম’ৰে সংযুক্ত কৰা হ’ব উক্ত কৰ্মচাৰীসকলক। এই আঁচনিৰ অধীনত কৰ্মচাৰীসকলে দুৰ্গম অঞ্চলত ৩-৫ বছৰ কাম কৰিব লাগিব। আনহাতে অসম ৰোড নেটৱৰ্ক মাষ্টাৰ প্লেনৰ অন্তৰ্ভূক্ত হ’ব ১৮,৪২১কিঃমিঃ পথ।

৪,৬৭৩ কিঃ মিঃ ৰাষ্ট্রীয় ঘাইপথ চোৱা-চিতা কৰিব কেন্দ্রীয় চৰকাৰে। ৫,২২০ কিঃ মিঃ ৰাজ্যিক ঘাইপথ চোৱা-চিতা কৰিব ৰাজ্য চৰকাৰে। লগতে ৮,৬৩৮ কিঃ মিঃ জিলাৰ প্রধান পথ চোৱা-চিতাৰ দায়িত্ব ল’ব ৰাজ্য চৰকাৰে।

কেবিনেট বৈঠকত সিদ্ধান্ত : অ'বি চিৰ বাবে সংৰক্ষিত আসন ২৭ শতাংশলৈ বৃদ্ধি
জোনমনি ৰাভাৰ মৃত্যুৰ প্ৰমাণ পত্ৰ বিচাৰি কলিয়াবৰ মহকুমা চিকিৎসালয়ত মাতৃ সুমিত্ৰা ৰাভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in