এইমছত মৰণোত্তৰ দেহদান গুৱাহাটীৰ ৰাতুল বৰকাকতিৰ

গুৱাহাটীৰ বশিষ্ঠ থানাৰ অন্তৰ্গত কেৰাকুছি নিবাসী সমাজ কৰ্মী আৰু বিজ্ঞান মনস্ক ব্যক্তি বংকিম বৰকাকতি আৰু পূৰ্ণিমা বৰকাকতিৰ পুত্ৰ, মেহৰা ইয়াস্মিন বৰকাকতিৰ স্বামী ৰাতুল বৰকাকতিৰ মৃত্যু।
এইমছত মৰণোত্তৰ দেহদান গুৱাহাটীৰ ৰাতুল বৰকাকতিৰ

ডিজিটেল ডেস্ক: গুৱাহাটীৰ বশিষ্ঠ থানাৰ অন্তৰ্গত কেৰাকুছি নিবাসী সমাজ কৰ্মী আৰু বিজ্ঞান মনস্ক ব্যক্তি বংকিম বৰকাকতি আৰু পূৰ্ণিমা বৰকাকতিৰ পুত্ৰ, মেহৰা ইয়াস্মিন বৰকাকতিৰ স্বামী ৰাতুল বৰকাকতিৰ মৃত্যু। মাত্ৰ ৪৮ বছৰ বয়সত বৃক্কজনিত ৰোগত গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত ৪ ফেব্ৰুৱাৰী আবেলি ৫ বজাত মৃত্যু হয়|

মৃত্যুৰ পিছত মৃতকৰ পত্নী মেহৰা ইয়াস্মিন বৰকাকতি আৰু পিতৃ বংকিম বৰকাকতিকে ধৰি পৰিয়ালৰ লোক সকলে চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ কল্যাণৰ হকে মৰণোত্তৰ দেহদান দিয়াৰ ইচ্ছা প্ৰকাশ কৰে। তাৰ পাছতেই ইলোৰা বিজ্ঞান মঞ্চৰ কৰ্মকৰ্তাৰ লগত যোগাযোগ কৰে।

ইলোৰা বিজ্ঞানমঞ্চৰ হৈ প্ৰনৱজ্যোতি ডেকাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আৰু মৰণোত্তৰ দেহদান চুক্তি পত্ৰত পৰিয়ালৰ হৈ পিতৃ আৰু পত্নীয়ে স্বাক্ষৰ কৰে। দেওবাৰে বৰকাকতিৰ মৰণোত্তৰ দেহ গুৱাহাটীৰ চাংচাৰিত থকা অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ত দান কৰা হয়।

ইলোৰা বিজ্ঞান মঞ্চৰ হৈ প্ৰণৱজ্যোতি ডেকাই আঁত ধৰা অনুষ্ঠানটোত শ্ৰদ্ধাঞ্জলি জনাই শিশিৰ ভট্টাচাৰ্যই। এই ক্ষেত্ৰত AIIMS কৰ্তপক্ষৰ উদ্যোগ আছিল প্ৰশংসনীয়।এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ (এইমছ)ৰ হৈ অধ্যাপক ডাঃ ৰেড্ডী যে এনাটমি বিভাগৰ ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিতিত মৃতকৰ মৰণোত্তৰ দেহ মৰ্যাদা সহকাৰে গ্ৰহণ কৰে|

ইলোৰা বিজ্ঞান মঞ্চৰ সহ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি ডেকাই মৃতকৰ পৰিয়ালে বিজ্ঞানমনস্কতাৰ প্ৰতি দেখুওৱা মহান নিদৰ্শনৰ শলাগ লয় আৰু মৃতকৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে| গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত প্ৰয়াত বৰকাকতিৰ পৰিয়ালৰ বহু লোক , বিশেষকৈ প্ৰখ্যাত অভিনেত্ৰী সীমা বিশ্বাস , চিত্ৰশিল্পী জ্ঞানেন বৰকাকতি, নৃত্য শিল্পী শিখা বৰকাকতি, অগপ ৰ নেতা দিলীপ পাটগিৰিকে ধৰি বহুকেইজন আত্মীয়স্বজন উপস্থিত থাকে।

পৰিয়ালৰ ফালৰ পৰা সীমা বিশ্বাস আৰু ববি বাদশ্বাহে বক্তব্য প্ৰদান কৰে।অন্যান্য সদস্য সকলোৰ উপৰিও চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী-ছাত্র-ছাত্রী, ইলোৰা বিজ্ঞান মঞ্চৰ বহু কেইজন কৰ্মকৰ্তাই অংশগ্ৰহণ কৰি বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী মহিলা গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

আৰু পঢ়ক: খেলা-ধূলা, পঢ়া-শুনা কৰা বয়সত কিয় কিশোৰীয়ে কঢ়িয়াইছে মাতৃত্বৰ বোজা? চৰকাৰে ভাৱক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in