
ডিজিটেল সংবাদ, ৰাতাবাৰীঃ ৰাতাবাৰীত এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত আহত মন্দিৰ জ্বলোৱাৰ ঘটনাৰ মূল অভিযুক্ত আনোৱাৰ আলী।শনিবাৰে সন্ধিয়া বাংলাদেশলৈ পলায়ন কৰাৰ পূৰ্বে ৰাতাবাৰী আৰক্ষীয়ে ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰে আনোৱাৰ আলীক । দেওবাৰে ৰাতিপুৱা আনোৱাৰে লুকুৱাই ৰখা বন্দুক উদ্ধাৰ কৰিবলৈ তেওঁৰ সৈতে ডামচৰা ত্ৰিপুৰা পুঞ্জীলৈ গৈছিল ৰাতাবাৰী পুলিচ।
পুঞ্জীত গোপন স্থানৰ পৰা এটা হাতেৰে নিৰ্মিত বন্দুক উদ্ধাৰ কৰা হয়। বন্দুকসহ আনোৱাৰাক লৈ উভতি অহাৰ পথত আনোৱাৰে দমচৰা চাহ বাগিচা এলেকাত প্ৰস্ৰাৱ কৰাৰ অজুহাতত পলাবলৈ চেষ্টা কৰাৰ সময়তে তেওঁক ৰখাবলৈ আৰক্ষীয়ে গুলীচালনা কৰে। ফলত তেওঁৰ ভৰিত গুলী লাগিছে বুলি জানিব পৰা গৈছে। আহত অৱস্থাত তেওঁক ৰামকৃষ্ণনগৰ চিকিৎসালয়লৈ নিয়াৰ পাছত তেওঁক কৰিমগঞ্জ অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰা হয়।