১৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় বিচাৰ মন্থন

ড০ ৰামমোহন লোহিয়া দৰ্শন আৰু লক্ষ্যক আধাৰ কৰি অনুষ্ঠিত হোৱা তৃতীয় সংখ্যক ৰাষ্ট্ৰীয় বিচাৰ মন্থন গুৱাহাটীত ১৯ নৱেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব।

author-image
Asomiya Pratidin
New Update
১৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় বিচাৰ মন্থন

ডিজিটেল ডেস্ক: ড০ ৰামমোহন লোহিয়া দৰ্শন আৰু লক্ষ্যক আধাৰ কৰি অনুষ্ঠিত হোৱা তৃতীয় সংখ্যক ৰাষ্ট্ৰীয় বিচাৰ মন্থন গুৱাহাটীত ১৯ নৱেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব।কটন বিশ্ব বিদ্যালয়ৰ কে বি আৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব লগা এই মন্থন বৈঠকৰ প্ৰথম দিনা পুৱা ১০.৩০ বজাৰ পৰা প্ৰথম সত্ৰৰ অনুষ্ঠিত হ'ব।

Advertisment

ৰাম মোহন লোহিয়া ৰিচাৰ্চ ফাউণ্ডেচনৰ অধ্যক্ষ অভিষেক ৰঞ্জন সিঙে আদৰণি জনোৱাৰ পাছতেই এই প্ৰথম সত্ৰ কাৰ্যসূচীত বক্তব্য ৰাখিব ক্ৰমে ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ নাৰায়ম সিং, ৰাজ্যসভাৰ সদস্য অনিল হেগদ,হিন্দ মজদুৰ সংঘৰ সভাপতি অজয় দত্ত, ৰাষ্ট্ৰ সেয়া দলৰ প্ৰাক্তন সভাপতি সুৰেশ খৈৰানা, কটন বিশ্ব বিদ্যালয়ৰ পঞ্জীয়ক দিগন্ত দাস।

এই বৈঠকৰ দ্বিতীয় দিনাও যথেষ্ঠ সংখ্যক বক্তাই অংশ ল'ব। তাৰ ভিতৰত অবিনাশ শৰ্মা, বিজয় নাৰায়ন, শ্বাহনোৱাজ আহমেদ কুৱাদিৰ আদি।

আৰু পঢ়ক: মহানগৰীত একাংশ লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে সুনীল শৰ্মাক...

assam guwahati