মহানগৰীত একাংশ লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে সুনীল শৰ্মাক...

গুৱাহাটী মহানগৰীত বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় ভয়ংকৰ ঘটনা। মহানগৰীৰ আদাগুদামত সংঘটিত হয় গণ প্ৰহাৰৰ ঘটনা।

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

ডিজিটেল ডেস্ক: গুৱাহাটী মহানগৰীত বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় ভয়ংকৰ ঘটনা। মহানগৰীৰ আদাগুদামত সংঘটিত হয় গণ প্ৰহাৰৰ ঘটনা।

Advertisment

গণপ্রহাৰ ফলত মৃত্যু এজন যুৱকৰ। মৃত যুৱকজনৰ নাম সুনীল শৰ্মা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাছত যুৱকজনক পুৱাৰ ভাগত ফটাশিল আৰক্ষীয়ে উদ্ধাৰ কৰি আনিছিল থানালৈ।

থানাৰ পৰা GMCHলৈ গৈছিল ৰক্তাক্ত অৱস্থাত যুৱকজনক আৰু GMCHত মৃত ঘোষণা কৰিছিল সুনীলক। সুনীলৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

জানিব পৰা মতে নিশা কাৰোবাৰ ঘৰৰ চুৰি কৰাৰ অভিযোগ সুনীলক প্ৰহাৰ কৰা হৈছিল। তাৰ পাছতেই একাংশ লোকে মৰিয়াই মৰিয়াই হত্যা কৰে যুৱকজনক। এই পৰ্যন্ত ঘটনাৰ লগত জড়িত কোনো অভিযুক্তকে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

আৰু পঢ়ক: কবিতা ১১১/ বুদ্ধৰ আকাশ

assam Assam police mob attack