সোণাপুৰত জঘন্য ঘটনা : কিশোৰীক ধৰ্ষণ কৰি হত্যা,আটক অভিযুক্ত

সোণাপুৰত জঘন্য ঘটনা : কিশোৰীক ধৰ্ষণ কৰি হত্যা,আটক অভিযুক্ত

ডিজিটেল ডেস্ক : ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-ধৰ্ষণ আদিৰ দৰে বিভিন্ন অপৰাধজনিত ঘটনা। আৰক্ষী-প্ৰশাসনলৈয়ো ভয়-শংকা নাই একাংশ ধৃত প্ৰকৃতিৰ লোকৰ।

বিগত কেইবাদিন ধৰি ৰাজ্যত সংঘটিত কেতবোৰ অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোণাম দখল কৰি আহিছে। এনেবোৰ ঘটনাৰ মাজতে সোণাপুৰত সংঘটিত হৈছে জঘন্য ঘটনা।

এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰে বাবুল টুমুং নামৰ এজন পাষণ্ডই। জানিব পৰা মতে ১৬ বছৰীয়া কিশোৰীগৰাকীক পাষণ বাবুলে ধৰ্ষণৰ পাছত হত্যা কৰি ডিগাৰু নৈত পেলাই দিয়ে।

উল্লেখ্য যে, ২৮ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰীগৰাকী। শুকুৰবাৰে ডিগাৰু নৈত উদ্ধাৰ কৰা হৈছিল কিশোৰীগৰাকীৰ মৃতদেহ। আৰক্ষীৰ তদন্তৰ অন্তত জঘন্য কাণ্ড সংঘটিত কৰা অভিযুক্ত ধৰ্ষণকাৰী বাবুল টুমুংক আৰক্ষীয়ে আটক কৰে।

সোণাপুৰত জঘন্য ঘটনা : কিশোৰীক ধৰ্ষণ কৰি হত্যা,আটক অভিযুক্ত
গুৱাহাটীত পুনৰ ফাটিল পানীৰ পাইপ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in