নুমলীগড়ত জঘন্য ধৰ্ষণ কাণ্ড, গ্ৰেপ্তাৰ অপৰাধী

নুমলীগড়ত জঘন্য ধৰ্ষণ কাণ্ড, গ্ৰেপ্তাৰ অপৰাধী

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড়ত জঘন্য ধৰ্ষণ কাণ্ড। গৰ্ভৱতী নাবালিকাৰ স্বীকাৰোক্তিত গ্ৰেপ্তাৰ দুই লম্পট। গোলাঘাট জিলাৰ নুমলীগড় আৰক্ষী চকীৰ অধীনস্থ ১ নং ৰংবঙত এক জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত কৰি দুই লম্পট ৰঙাঘৰৰ আলহী হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷

জানিব পৰা মতে, ১ নং ৰংবং গাঁৱৰ এগৰাকী ১৬ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি দুই লম্পটে গৰ্ভৱতী কৰে যদিও বিগত প্ৰায় ৫মাহে বিষয়টো পোহৰলৈ অহা নাছিল ৷ কিন্তু, কিশোৰী গৰাকীৰ শেহতীয়া আচৰণত পৰিয়ালৰ লোকে সন্দেহ কৰি সোধ-পোছ কৰাৰ অন্তত পোহৰলৈ আহে সমগ্ৰ ঘটনাটো ৷

ইয়াৰ পিচতে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে নুমলীগড় আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ নুমলীগড় আৰক্ষীয়েও ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি তাৎক্ষণিকভাৱে কিশোৰীগৰাকীক সোধ-পোছ কৰে আৰু গৰ্ভৱতী কিশোৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই আজি ১ নং ৰংবঙৰ নিবাসী গুল্‌জাৰিলাল গুপ্তা(৪২) আৰু মাধৱপুৰৰ নিবাসী জিন্টু গোৱলা(২৪)ক প’ক্স’ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in