২ মে'ত কোকৰাঝাৰত শিক্ষামন্ত্ৰী বিশেষ বৈঠক...

বিটিআৰত মাধ্যমিক আৰু প্ৰাথমিক বিদ্যালয়ৰ এছ.এম.চি./এছ.এম.ডি.চি.-ৰ লগত বৈঠকত বহিব শিক্ষামন্ত্ৰী ৰণোজ পেগু।

author-image
Asomiya Pratidin
New Update
২ মে'ত কোকৰাঝাৰত শিক্ষামন্ত্ৰী বিশেষ বৈঠক...

ডিজিটেল ডেস্ক : বিটিআৰত মাধ্যমিক আৰু প্ৰাথমিক বিদ্যালয়ৰ এছ.এম.চি./এছ.এম.ডি.চি.-ৰ লগত বৈঠকত বহিব শিক্ষামন্ত্ৰী ৰণোজ পেগু। প্ৰাথমিক বিদ্যালয়ৰ এছএমচি/এছএমডিচিৰ সভাপতি আৰু সদস্য সচিবসকলৰ সৈতে অনুষ্ঠিত হ'ব লগীয়া এই বৈঠকত বিটিআৰৰ অধীনত মাধ্যমিক বিদ্যালয় বিগত গুনোৎসৱ ফলাফলত গ্ৰেড চি আৰু ডি প্ৰাপ্ত কৰাক লৈ অনুষ্ঠিত হ'ব এই বৈঠক।

Advertisment

উক্ত বৈঠকত শিক্ষা মন্ত্ৰী ড০ ৰানোজ পেগুৰ সৈতে বৈঠকত বহিব বিটিআৰ প্ৰধান প্ৰমোদ বড়ো। এই অনুষ্ঠান ২ মে' তাৰিখে কোকৰাঝাৰ চান্দমাৰি স্থিত বড়োফা সাংস্কৃতিক ক্ষেত্ৰত অনুষ্ঠিত হ'ব। বাক্সাৰ অধীনত চি আৰু ডি গ্ৰেড পোৱা সকলো বিদ্যালয়ৰ এছ.এম.চি. সভাপতি আৰু সদস্য সচিব সভাত উপস্থিত থকাৰ নিৰ্দেশনা জাৰি কৰিছে।

সেয়েহে, উক্ত দিনা সকলো এছ.এম.চি./এছ.এম.ডি.চি. সভাপতি আৰু সদস্য সচিব সময়মতে বৈঠকত উপস্থিত থাকিবলৈ বিভাগীয় কৰ্তৃপক্ষই আহ্বান জনায়। উল্লেখ্য যে, বৈঠকৰ সময় ২ তাৰিখৰ আবেলি ৪.৩০ বজাত ধাৰ্য কৰা হৈছে।

Also Read: কি বাৰ্তাই বিশেষ কৰিলে "মন কি বাত" ?

education department of assam kokrajhar