চৰাইদেউত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ আধাৰশিলা স্থাপন

চৰাইদেউত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ আধাৰশিলা স্থাপন

ডিজিটেল সংবাদ, চৰাইদেউঃ অসম চৰকাৰৰ শিক্ষা ডাঃ ৰণোজ পেগুৱে মঙ্গলবাৰে চৰাইদেউ জিলাৰ ঐতিহ্যমণ্ডিত দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় উপস্থিত হৈ অসম চৰকাৰৰ বিকাশ যাত্ৰা ২০২৪ ৰ অধীনত প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া বিদ্যালয়খন নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে ৷

মন্ত্ৰীগৰাকীয়ে আদৰ্শ হাইস্কুলৰ যোজনাত অন্তৰ্ভূক্ত প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া লেঙিবৰ বাগিছা আদৰ্শ বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ৷ দুপৰীয়া চৰাইদেউ জিলাৰ ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ প্ৰাঙ্গণত অনুষ্ঠিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি চৰকাৰৰ বিভিন্ন জনকল্যাণ মূলক আঁচনিসমূহৰ সন্দৰ্ভত আলোকপাত কৰে।

সভাত নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, সোণাৰি বিধান সভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱৰ লগতে বিষয়া- কৰ্মচাৰী সকলক উপস্থিত থাকে ৷

চৰাইদেউত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ আধাৰশিলা স্থাপন
বাসুগাঁও চহৰৰ বাট-পথ উন্নয়নৰ বাবে চাৰি কোটি টকা আৱণ্টন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in