ভূপেন বৰাৰ হেলিকপ্টাৰ ষ্টাৰ্ট নোহোৱাতো কংগ্ৰেছ দলৰ অশুভ সংকেতঃ ৰঞ্জিত দত্ত

ভূপেন বৰাৰ হেলিকপ্টাৰ ষ্টাৰ্ট নোহোৱাতো কংগ্ৰেছ দলৰ অশুভ সংকেতঃ ৰঞ্জিত দত্ত

author-image
Asomiya Pratidin
New Update
ভূপেন বৰাৰ হেলিকপ্টাৰ ষ্টাৰ্ট নোহোৱাতো কংগ্ৰেছ দলৰ অশুভ সংকেতঃ ৰঞ্জিত দত্ত

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ এইবাৰ ছাত্ৰ-ছাত্ৰীসকলক মঞ্চলৈ মাতি নি মত বিনিময় কৰিলে শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই ৷ ন-দুৱাৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ কুসুমটোলাত মঙলবাৰে অনুষ্ঠিত যুৱ সমাৰোহত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ বিজেপি চৰকাৰখনৰ প্ৰতি থকা সমৰ্থন আৰু আন্তৰিকতাৰ উমান লয় প্ৰাৰ্থীগৰাকীয়ে ৷

Advertisment

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্ৰাৰ্থী ৰঞ্জিত দত্তৰ কোনো প্ৰতিদ্বন্দ্বি নাই বুলি উল্লেখ কৰি অহা নিৰ্বাচনত শাসকীয় দলৰ বিধায়কসকলৰ মাজৰ পৰা কোনে কিমান বেছিকৈ ভোট দিব তাৰহে প্ৰতিযোগীতা হ’ব বুলি উল্লেখ কৰে ৷ ভূপেন বৰাক কটাক্ষ কৰি তেওঁ কয় যে, দিনত সপোন দেখা ভূপেন বৰাই হেলিকপ্টাৰ লৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ চেষ্টা চলাইছে যদিও হেলিকপ্টাৰ ষ্টাৰ্ট নোহোৱাটোৱে কংগ্ৰেছ দলৰ অশুভ সংকেত। এয়া তেওঁলোকৰ বাবে পৰাজয়ৰ আগজাননী বুলি মন্তব্য কৰেে তেওঁ৷

আপৰ প্ৰসংগত দত্তই কয় যে আপে ইয়াত প্ৰচাৰ চলোৱাৰ পূৰ্বেই ভোটাৰ ৰাইজে আপক ঝাড়ু মাৰি পূৰ্বে বিদায় দি থৈছে।

Also Read: কোকৰাঝাৰত অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থিত প্ৰাৰ্থী জোন দাসৰ নিৰ্বাচনী প্ৰচাৰ

bjp congress