কোকৰাঝাৰত অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থিত প্ৰাৰ্থী জোন দাসৰ নিৰ্বাচনী প্ৰচাৰ

কোকৰাঝাৰত অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থিত প্ৰাৰ্থী জোন দাসৰ নিৰ্বাচনী প্ৰচাৰ

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থিত প্ৰাৰ্থী জোন দাসৰ নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল সংবাদ, বাক্সাঃ তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিতো ক্ৰমাৎ গৰম হৈ আহিছে নিৰ্বাচনী বতাহ। ইউ পি পি এল, বিপিএফৰ সমান্তৰাল কৈ অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থিত প্ৰাৰ্থী জোন দাসেও গাঁৱে- ভূঞে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে।

Advertisment

বিটিআৰত বসবাস কৰা ২২ লক্ষ্যাধিক অবড়ো লোকসকলৰ জাতি, মাটি আৰু ভাষাৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থতে জোন দাস অৱতীৰ্ণ হৈছে নিৰ্বাচনত। বিগত দহ বছৰে বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াই অবড়ো সকলৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা অভিযোগ উত্থাপন কৰে জোন দাসে। বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ ধুলিগুৰিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ জোন দাসে ইউ পি পি এল আৰু বিপিএফ দলৰ বিৰুদ্ধে ৰাইজক ভোট প্ৰদান কৰিবলৈও আহ্বান জনায়। তেওঁ কয় যে জাতি, মাটি আৰু ভাষাৰ সুৰক্ষাৰ বাবে বিপিএফ, ইউ পি পি এল আৰু বিজেপি দলক পৰিত্যাগ কৰক।

Also Read: পথাৰৰ মাজত জন্ম দিলে সন্তান, প্ৰখৰ ৰদত মৃত্যু নৱজাতকৰ