ৰঞ্জিত বৰা হত্যাকাণ্ড! মূল অভিযুক্ত শ্বাহ আলম সহ আন ৪ জন আৰক্ষীৰ জিম্মাত

জালত পৰিল ৰঞ্জিত বৰা হত্যাকাণ্ডৰ অভিযুক্ত। দেওবাৰে আৰক্ষী আয়ুক্ত আৰু যুটীয়া আৰক্ষী আয়ুক্তৰ সংবাদমেল পাতি এই কথা সদৰি কৰে।

author-image
Asomiya Pratidin
New Update
ৰঞ্জিত বৰা হত্যাকাণ্ড! মূল অভিযুক্ত শ্বাহ আলম সহ আন ৪ জন আৰক্ষীৰ জিম্মাত

ডিজিটেল ডেস্ক:আৰক্ষীৰ জালত পৰিল ৰঞ্জিত বৰা হত্যাকাণ্ডৰ অভিযুক্ত। দেওবাৰে আৰক্ষী আয়ুক্ত আৰু যুটীয়া আৰক্ষী আয়ুক্তৰ সংবাদমেল পাতি এই কথা সদৰি কৰে।

হত্যাকাণ্ডৰ তদন্তৰ বাবে SIT গঠন কৰা হৈছিল। তদন্তৰ অন্তত হত্যাকাণ্ডৰ আঁৰৰ ব্যক্তিসকলক চিনাক্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী। হত্যাকাণ্ডত জড়িত কেইজনমান মহানগৰ আৰক্ষীৰ জিম্মাত আছে।

৩ সপ্তাহৰ আগৰ পৰাই হত্যাকাৰীয়ে ৰঞ্জিত বৰাৰ গতিবিধি লক্ষ্য কৰিছিল।আৰক্ষীয়ে জনোৱা অনুসৰি ঘটনাত জড়িত আছিল ৬জনীয়া এটা দল।

হাজোৰ শ্বাহ আলম তালুকদাৰ ঘটনাৰ মূল অভিযুক্ত বুলি জনাই আৰক্ষীয়ে। এক্সেল একাডেমীৰ স্বত্বাধিকাৰী শ্বাহ আলম তালুকদাৰ।

বাইকত অহা আন এজন অভিযুক্ত সুজল আলী। আন ৩ অভিযুক্ত জয়দেৱ মহন্ত, জিতুমণি বৰ্মন, হৰেন পাটগিৰি।

শ্বাহ আলমে ঘটনাত ব্যৱহাৰ কৰা কাপোৰ,হেলমেট উদ্ধাৰ কৰিছে আৰক্ষীয়ে।এতিয়াও ৰাজহুৱা হোৱা নাই এজন অভিযুক্তৰ নাম।

উল্লেখ্য যে, পল্টনবজাৰৰ বেংক অৱ বৰোদাৰ ডকাইতিত এই গেং জড়িত আছিল। ৩১ জানুৱাৰীত মুকালমুৱাৰ ব্যৱসায়ীৰ পৰা লুটিছিল ১১ লাখ। আন বহু অপৰাধৰ সৈতে জড়িত আছিল এই গেং।

আৰক্ষীয়ে জনাই যে তদন্ত এতিয়াও শেষ হোৱা নাই। যোৱা চাৰিদিন ধৰি যুটীয়া অভিযান চলিছিল। মহানগৰ আৰক্ষী,কামৰূপ আৰক্ষী আৰু নলবাৰী আৰক্ষীয়ে অভিযান চলাইছিল।

ঘটনাৰ লগত জড়িত ৫ গৰাকী বৰ্তমান আৰক্ষীৰ জিম্মাত আছে। এজনক এতিয়াও গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে, কিছুদিন পূৰ্বে মহানগৰীত সংঘটিত হৈছিল এই হত্যাকাণ্ড। ৰঞ্জিত বৰা নামৰ লোক জনক গুলীয়াই টকা লুটি নিছিল দুৰ্বৃত্তই। শ্বাহ আলমে ঘটনাৰ দিনাখন গুলী চলাইছিল।

আৰু পঢ়ক: এইমছত মৰণোত্তৰ দেহদান গুৱাহাটীৰ ৰাতুল বৰকাকতিৰ

crime Assam police