ৰঙিয়াত সন্ধান কলা কৃষ্টি বিকাশ ছ'ছাইটিৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

ৰঙিয়াত সন্ধান কলা কৃষ্টি বিকাশ ছ'ছাইটিৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত সন্ধান কলা কৃষ্টি বিকাশ ছ'ছাইটিৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়া চহৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সন্ধান কলা কৃষ্টি বিকাশ ছ'ছাইটিৰ একাদশতম প্ৰতিষ্ঠা দিৱস ৰঙিয়া চহৰৰ প্ৰগতি সংঘৰ বাকৰিত বুধবাৰে অনুষ্ঠিত হৈ যায়। দিনজোৰা কাৰ্যসূচীৰ এই অনুষ্ঠানত ৰাতিপুৱা বন্তি প্ৰজ্বলন কৰে বিশিষ্ট লোকগীত শিল্পী তথা ছ'ছাইটিৰ অধ্যক্ষ দীপক ৰয়ে। ইয়াৰ পিছত খেল ধেমালি যেনে-কলহ ভঙা, সংগীত চকী, প্ৰশ্নোত্তৰ প্ৰতিযোগিতা,একক বিহু নৃত্য আৰু জেং বিহু প্ৰতিযোগিতা অনুস্থিত কৰা হয়।

Advertisment

আবেলি ৩বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে পাঠশালাৰ লোকসংগীত শিল্পী হৰগোৱিন্দ পাটগিৰীয়ে। নিৰ্দিষ্ট বক্তা ৰঙিয়া মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা দীপা ভট্টাচাৰ্য্যই দিয়া ভাষণত অসমৰ লোক -সংস্কৃতিৰ বিকাশ তথা প্ৰতিভাৱান শিল্পীৰ সৃষ্টিত স্থানীয় সাংস্কৃতিক সংস্থাৰ ভূমিকা যে অপৰিসীম তাৰ বিস্তৃত ব্যাখ্যা আগবঢ়োৱায় আৰু এই ক্ষেত্ৰত 'সন্ধান কলা-কৃষ্টি বিকাশ ছ'ছাইটিয়ে যোৱা দশকটোত লোৱা বলিষ্ঠ পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে। আনহাতে ৰঙিয়াৰ বিশিষ্ট লেখিকা বিমলা দেৱীয়ে সমাজ গঠনত মহিলা পৰিচালিত সন্ধান কলা-ক্ৰৃষ্টি বিকাশ ছ'ছাইটিৰ দৰে সংগঠনৰ গুৰুত্ব অপৰিসীম বুলি ভাষণত উল্লেখ কৰে।

ছ'ছাইটিৰ অধ্যক্ষ দীপক ৰয়ে আৰম্ভণিৰে পৰা সংস্থাটোৱে প্ৰতিষ্ঠা লাভৰ ক্ষেত্ৰত সন্মুখীন হৈ অহা বাধাসমুহৰ বিষয়ে কয় আৰু এই বাধা অতিক্ৰম কৰাৰ ক্ষেত্ৰত ছ'ছাইটিৰ সভানেত্ৰী মাধৱী দেৱী আৰু সম্পাদিকা কনিকা বুজৰবৰুৱাৰ বলিষ্ঠ ভূমিকাৰ প্ৰশংসা কৰে। সভাত ৰঙিয়াৰ অধিবক্তা জয়ন্ত ডেকা,সমাজসেৱক অক্ষয় শৰ্মা প্ৰমুখ্যে মঞ্চত থকা সকলোক গামোচা,ফুলাম জাপি আৰু মান-পত্ৰ ৰে সম্বৰ্দ্ধনা জনোৱা হয়।

সভাৰ শেষত প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰা হয়। একক বিহু নৃত্য প্ৰতিযোগিতাত জ্যোতিষ্মিতা কাশ্যপ, পৰিণীতা ডেকা, অভিলেখা পাঠক, মনজিতা পাঠক আৰু প্ৰীয়ম কাকতিক ক্ৰমে প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম পুৰস্কাৰ প্ৰদান কৰা হয়। সেইদৰে কুইজত প্ৰথম পুৰস্কাৰ ৰম্ভা ভড়ালীক আৰু দ্বিতীয় পুৰস্কাৰ পূৰৱী ভট্টাচাৰ্য্যক আৰু তৃতীয় পুৰস্কাৰ পৰিণীতা ডেকাক দিয়া হয়।

সংগীত -চকীত অমিয় প্ৰিয়া কলিতা,কাশ্মীৰা বেগম আৰু কণিকা বুজৰবৰুৱাক ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়। সেইদৰে কলহ ভঙা প্ৰতিযোগিতাত মনোজা বেগম, অনামিকা কলিতা আৰু দময়ন্তী কলিতাক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ কৰা হয় ।

Also Read: কোকৰাঝাৰৰ কাৰাগাৰৰ দুবাৰকৈ পলাল এটা চোৰ...

rangiya