ইউনিফৰ্মৰ পৰা বঞ্চিত জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী...

ইউনিফৰ্মৰ পৰা বঞ্চিত জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী...

ডিজিটেল সংবাদ, ৰঙিয়াঃ অসম চৰকাৰৰ শিক্ষা বিভাগে শিক্ষাৰ ক্ষেত্ৰত ইমান কঠোৰ নীতি অৱলম্বন কৰাৰ পাছতো একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষকে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লৈ কৰা হেতালিৰ ফলত বঞ্চিত হ'ব লগা হয় বিনামূলীয়া সুবিধাৰ পৰাও ৷ সেই কথা পোহৰলৈ আহিছে কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত জয়ন্তীপুৰস্থিত জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুলৰ একাংশ বঞ্চিত ছাত্ৰ-ছাত্ৰীৰ কথা ৷

জানিব পৰা মতে বিদ্যালয়খনৰ ২০২২-২৩ আৰু ২০২৩-২৪ বৰ্ষৰ চৰকাৰে ছাত্ৰ-ছাত্ৰী বাবে বিনামূলীয়াকৈ যোগান ধৰা ইউনিফৰ্ম নোপোৱাৰ অভিযোগ কৰে অভিভাৱকসকলে ৷ ইয়াক কেন্দ্ৰ কৰি ইতিমধ্যে কামৰূপ জিলাৰ উপায়ুক্তক আমিনগাঁও কাৰ্যলয়ল, কামৰূপ জিলাৰ সমূহ পৰিদৰ্শক, কামৰূপ জিলা সংমণ্ডল আমিনগাঁও আৰু জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষকলৈ আবেদন জনাই ৷

ইতিমধ্যে কোনো পদক্ষেপ নোলোৱাৰ কথাও উল্লেখ কৰে অভিযোগকাৰী অভিভাৱকসকলে। লগতে প্ৰধান শিক্ষকজনৰ কৰ্মকাণ্ডৰ কথাও উল্লেখ কৰি কয় চৰকাৰী নিয়ম বহিৰ্ভূত ভাবে বিদ্যালয়ৰ পুৰণা গৃহ বিক্ৰী কৰি সেই ধনৰ খতিয়ান নেদেখুৱা লগতে চৰকাৰী নিয়ম উলংঘা কৰি বিদ্যালয়ৰ গৃহ বিক্ৰী ক্ষেত্ৰত মুষ্টিমেয় কেইজনমানৰ মাজত সীমাবদ্ধ ৰাখি ডাক দিয়া তথা ডাক সম্পৰ্কে বিজ্ঞাপন নিদিয়া বিদ্যালয়খনৰ অনুশাসনকে ধৰি বিভিন্ন বিষয় আক্ষেপ কৰে ৷ লগতে ইউনিফৰ্মৰ পৰা বঞ্চিত হোৱাকলৈ লিখিত আবেদন যোগে জনোৱাৰ পাছতো আজিলৈ কোনো পদক্ষেপ নোলোৱা কথাটোৱেই প্ৰমাণ কৰে বৰ্তমান চৰকাৰী শিক্ষাখণ্ডৰ চৰম গাফিলতি ৷

ইউনিফৰ্মৰ পৰা বঞ্চিত জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী...
উজনি অসমত অব্যাহত আছে গৰু-ম'হৰ চোৰাং বেহাঃ একেনিশাই ৪৫ টা ম'হ চুৰি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in