উজনি অসমত অব্যাহত আছে গৰু-ম'হৰ চোৰাং বেহাঃ একেনিশাই ৪৫ টা ম'হ চুৰি

উজনি অসমত অব্যাহত আছে গৰু-ম'হৰ চোৰাং বেহাঃ একেনিশাই ৪৫ টা ম'হ চুৰি

ডিজিটেল সংবাদ, শিৱসাগৰঃ অষ্টাদশ লোকসভা নিৰ্বাচনক লৈ সকলো পক্ষ ব্যস্ত থকাৰ মাজতে কেইবাটাও কুখ্যাত চক্রই উজনি অসমত অব্যাহত ৰাখিছে গৰু-ম'হৰ চোৰাং বেহা। শিৱসাগৰ চহৰৰ সমীপৰ কাথপাৰৰ কাইমন পথাৰৰ পৰা বুধবাৰে একে নিশাই ৪৫ টা ম'হ চুৰ কৰি নিয়া এটা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পথাৰত বান্ধি থোৱা অৱস্থাৰ পৰা ম'হ চুৰ কৰি নিয়ে। অঞ্চলটোৰ ম'হপালক মদন বৰা, শালিকে আদি কৰি ৩গৰাকী ব্যক্তিৰ চুৰি হোৱা ৪৫ টা ম‍'হৰ দাম ৮০ লাখৰ পৰা ১ কোটি টকা হ'ব বুলি ধাৰণা কৰা হৈছে। 

উল্লেখ্য যে সমগ্ৰ উজনি অসমত গৰু আৰু ম'হ চুৰিৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে। গাঁও আৰু চহৰৰ উপকণ্ঠ অঞ্চলৰ পৰা চুৰ কৰা গৰু- ম'হসমূহ কেইবাটাও চক্রই প্ৰতি নিশাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ নামনি অসমলৈ গাড়ীয়ে গাড়ীয়ে সৰবৰাহ কৰি আহিছে। উত্থাপিত অভিযোগ অনুসৰি নগাঁও, মৰিগাঁৱৰ কেইবাটাও চক্ৰই এনে চোৰাং গৰু-ম'হ ক্ৰয় কৰি বিশেষ বিশেষ স্থানৰ অবৈধ কচাইখানাত মাংস কাটি অতি কৌশলেৰে লৈ যায়।

উল্লেখ্য যে ড° হিমন্তবিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিয়েই গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। গৰু-ম'হ গাড়ীৰে সৰবৰাহ কৰাৰ ক্ষেত্ৰত আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল। চৰকাৰৰ এই কঠোৰ ব্যৱস্থাৰ বাবে গৰু-ম'হৰ চুৰিৰ ঘটনা বহুলাংশে হ্রাস পাইছিল। কিন্তু নাটকীয়ভাৱে চৰকাৰেই গো-সুৰক্ষা আইন ধোঁৱাচাঙত তোলাত গো-মাফিয়াৰ সমান্তৰালকৈ গৰু-ম'হ চোৰ চক্ৰ উৎসাহিত হৈ পৰে।

উজনিৰ শিৱসাগৰ, ডিব্ৰুগড়ৰ, তিনিচুকীয়া আদি জিলাত কেইবাটাও কুখ্যাত চক্ৰই নিশাৰ ভিতৰতে গৰু-ম'হ চুৰ কৰি মাফিয়া চক্ৰক যোগান ধৰি লাখ লাখ টকা আহৰণ কৰিছে। ইয়াৰ বিপৰীতে গৰু-ম’হ পালন কৰি জীৱন নিৰ্বাহ কৰা লোকসকল হাহাকাৰ অৱস্থাৰ সন্মুখীন হ'বলগাত পৰিছে। নিশাৰ ভিতৰতে একাংশই মানুহৰ গোহালিৰ গৰু-ম'হ চুৰ কৰি চোৰাং বেপাৰীক বিক্ৰী কৰিছে। আন একাংশই নিশা গাড়ী ৰাজপথত বিচৰণ কৰি থকা গৰু গাড়ীত ভৰাই চুৰি কৰি নিছে ৷

দিনে-নিশাই ৰাষ্ট্ৰীয় পথেৰে বিভিন্ন গাড়ীৰে চোৰাং গৰু-ম'হ ভুৱা ৰচিদেৰে নামনি অসমলৈ প্ৰেৰণ কৰি আহিছে যদিও আৰক্ষীয়ে এনে গাড়ী জব্দ কৰাৰ পৰা বিৰত আছে। উল্লেখ্য যে যোৱা ছেপ্টেম্বৰত এটা সংগঠনে ১৯ টাকৈ চোৰাং গৰুৰ লগতে বাহন আৰু গৰু সৰবৰাহকাৰীক আটক কৰি শিৱসাগৰ আৰক্ষীক গতাই দিছিল যদিও আৰক্ষীয়ে গোটেই কেইগৰাকী ব্যক্তিক মুকলি কৰি দিয়াৰ লগতে জব্দ কৰা চোৰং গৰুকেইট চুৰ চক্ৰটোৰ হাততে গতাই দিয়ে। যাৰ বাবে গৰু ম’হৰ চোৰাং বেপাৰীৰ স্পৰ্দ্ধা দিনক দিনে বৃদ্ধি পাব ধৰিছে ৷

উজনি অসমত অব্যাহত আছে গৰু-ম'হৰ চোৰাং বেহাঃ একেনিশাই ৪৫ টা ম'হ চুৰি
এক শৰণ ভাগৱতী সমাজৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in