ৰঙিয়াত বিশ্ব মুখ গহ্বৰ স্বাস্থ্য দিৱস উদযাপন

ৰঙিয়াত বিশ্ব মুখ গহ্বৰ স্বাস্থ্য দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত বিশ্ব মুখ গহ্বৰ স্বাস্থ্য দিৱস উদযাপন

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত বুধবাৰে বিশ্ব মুখগহ্বৰ স্বাস্থ্য দিৱস উদযাপন কৰা হয়। তদুপলক্ষে চিকিৎসালয়খনৰ সভাকক্ষত অনুষ্ঠিত কৰা হয় সজাগতামূলক সভা । উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যৰ সঞ্চালনাত অনুষ্ঠিত সভাত ৰঙিয়া মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডাঃ নিলমনি কলিতা,বি পি এম মঞ্জিল কুমাৰ বৰগোহাঞি, বি চি এম লখিমী বৰুৱাই অংশগ্ৰহণ কৰে।

Advertisment
  User
User

ইফালে ৰঙিয়া মডেল হাস্পাতালৰ চিকিৎসক ডাঃদৰ্শনা গাৰ্গ, দন্ত চিকিৎসক ডাঃ অজন্তা তালুকদাৰৰ লগতে ডাঃনিলঞ্জনা দাসকে ধৰি কেবাগৰাকী স্বাস্থ্য বিষয়াই মুখগহ্বৰ পৰিষ্কৰণৰ প্ৰয়োজনীয়তা আৰু লবলগা সাবধনতাৰ বিষয়ে আলোকপাত কৰে। স্বাস্থ্য কৰ্মী অমূল্য বৈশ্যৰ সামগ্ৰিক পৰিচালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ৰঙিয়াৰ ভিন্নপ্ৰান্তৰ পৰা শতাধিক লোকৰ লগতে চিকিৎসালয়খনৰ চিকিৎসক তথা কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আঁতধৰে ডাঃপাপৰী দাসে ।

Also Read: নলবাৰীত বীজ সাহিত্য উৎসৱ-২৪

rangiya