নলবাৰীত বীজ সাহিত্য উৎসৱ-২৪

নলবাৰীত বীজ সাহিত্য উৎসৱ-২৪

author-image
Asomiya Pratidin
New Update
নলবাৰীত বীজ সাহিত্য উৎসৱ-২৪

ডিজিটেল সংবাদ, নলবাৰীঃ "অসমীয়া আৰু বাংলা সহোদৰ সেয়ে আমি সকলোৱে লগে ভাগে সাহিত্য সৃষ্টি কৰ্মত আগবাঢ়ি যোৱা উচিত।" নলবাৰী জিলাৰ বালিকৰিয়াস্থিত বাসুদেৱ দেৱালয়ৰ সভাঘৰত 'বীজ-দ্য চীড'ৰ দ্বাৰা অনুষ্ঠিত বীজ সাহিত্য উৎসৱ-২৪ত অংশ লৈ প্ৰখ্যাত বাংলা কবি ফাল্গুনী ঘোষে এইদৰে মত পোষণ কৰে। সাহিত্য, সংস্কৃতি আৰু সমাজ বিষয়ক অনুষ্ঠান 'বীজ-দ্য চীড'ৰ এই সাহিত্য উৎসৱত ৰাজস্থান, পশ্চিমবংগ আৰু অসমৰ কবি-সাহিত্যিকে ‘কবিতাৰ সাৰ্বজনীনতা' বিষয়ত আলোচনা কৰে।

Advertisment

ৰাজস্থানী লেখিকা ববিতা কোমল জৈন, পশ্চিমবংগৰ কবি ফাল্গুনী ঘোষ, ৰাখহৰি পাল, সুনীল মাজি, অসমীয়া কবি ডঃ বিনয় কুমাৰ মজুমদাৰ, এম মহিবৰ ৰহমান, দীপালিমা দত্ত, ৰাতুল কুমাৰ গোস্বামী, হৰেকৃষ্ণ শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা আদিকে ধৰি কেইবাগৰাকী কবি-সাহিত্যিকে অংশ লোৱা সাহিত্য আলোচনা সঞ্চালনা কৰে কবি শান্তনু শৰ্মাই। বিজু দাস, পাপৰি কলিতা, ভাৰতী কলিতা মেধি, চুনুমা বৈশ্য, বিজু মেধি, সৰযু দাস বৰুৱা, মাধৱী চৌধুৰী, জিতুমণি, ৰীণা কলিতা, শেৱালি হালৈ আৰু গিৰিজা তালুকদাৰে শ্ৰুতিমধুৰভাৱে পৰিৱেশন কৰা ‘‘আমি গঢ়িম এখন নতুন সমাজ...’’ শীৰ্ষক বৃন্দগীতেৰে সাহিত্য উৎসৱৰ শুভাৰম্ভ হয়।

'বীজ-দ্য চীড'ৰ হৈ মানসজ্যোতি শৰ্মা আৰু প্ৰণৱ কুমাৰ চক্ৰৱৰ্তীয়ে আঁতধৰা এই অনুষ্ঠানত সচিব কমল চন্দ্ৰ দাসে অংশগ্ৰহণকাৰী সাহিত্যিকসকলক কৃতজ্ঞতা জনাই বীজ সাহিত্য উৎসৱৰ ভৱিষ্যত পৰিকল্পনা ব্যাখ্যা কৰে। অনুষ্ঠানত বিণু দেৱীয়ে বজোৱা বাঁহীৰ সুৰত সভাসীন সকলোৱে আপ্লুত হয়।

উল্লেখ্য যে চাৰিটা চ'ৰাত বিভক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ উন্মোচনী চ'ৰাত অধ্যাপক-লেখক ডঃ দীনমণি ভাগৱতীয়ে কবি মীৰা গোস্বামীৰ কাব্য সংকলন 'জলতৰংগ' উন্মোচন কৰি কয় যে বীজ সাহিত্য উৎসৱে জিলাখনত এক নতুন আশাৰ সঞ্চাৰ কৰিছে। ভাষণ প্ৰসংগত তেওঁ কবি মীৰা গোস্বামীৰ কবিতাৰ বিষয়ে চমু আভাস দাঙি ধৰে। কবি মীৰা গোস্বামীয়ে অনুষ্ঠানৰ শেষত সকলোৰে প্ৰতি শলাগ জ্ঞাপন কৰে।

Also Read: ৪ সপ্তাহ ধৰি মূৰৰ বিষঃ মস্তিষ্কৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন সদগুৰুৰ

beej literary festival nalbari