ৰঙিয়া মূৰাৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন

ৰঙিয়া মূৰাৰাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত ১১ আৰু ১২ মাৰ্চত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আয়োজন কৰা হৈছে ।

author-image
Asomiya Pratidin
New Update
ৰঙিয়া মূৰাৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন

ডিজিটেল সংবাদ,ৰঙিয়াঃ ৰঙিয়া মূৰাৰাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত ১১ আৰু ১২ মাৰ্চত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আয়োজন কৰা হৈছে । দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগনত ১১ মাৰ্চৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন, উত্তোলন কৰিব পৰিচালনা সমিতিৰ সভাপতি মতিৰাম কাকতিয়ে ।

Advertisment

ইয়াৰ পাছত পুৱা ৯:৩০ বজাত স্মৃতি তৰ্পণ কৰিব ভকত ভবিন কলিতাই, সন্ধিয়া ৬ বজাত শ্ৰী শ্ৰী বিষ্ণু বন্তি প্ৰজ্বলন, প্ৰজ্বলক হিচাপে উপস্থিত থাকিব মূৰাৰা বাসিন্দা মাধৱ কলিতাই, তদুপৰি ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ধৰ্মপ্ৰাণ ৰাইজৰ জৰিয়তে ৪৩ গছি বন্তি প্ৰজ্বলন কৰিব । সন্ধিয়া ৬:৩০ বজাত নৃপেন শৰ্মা আৰু বীৰেন শৰ্মাৰ দলে সংকীৰ্তন পৰিবেশন অনুষ্ঠিত হ'ব।‌

আনহাতে কাৰ্যসূচী দ্বিতীয় দিনা পুৱা ৯ বজাত ভাগৱত পাঠ, পুৱা ১০ বজাত হোম যজ্ঞ আৰম্ভ, দিনৰ ১১ বজাত আয়তীৰ নাম, দিনৰ ১ বজাত পুষ্পাঞ্জলীৰ পিছতে দিনৰ ২ বজাত প্ৰসাদ আৰু ভোগ বিতৰণ । ইফালে এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত নিমন্ত্ৰিত অতিথি হিচাপে মংগলদৈ সাংসদ দিলীপ শইকীয়া, বিধায়ক ভৱেশ কলিতা, সাংসদ ভূৱনেশ্বৰ কলিতাকে ধৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকিব বুলি পৰিচালনা সমিতিৰ সম্পাদক বিপিন চন্দ্ৰ কাকতিয়ে জনায় । উক্ত দুয়োদিনাৰ কাৰ্যসূচীত সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি সমিতিয়ে শ্ৰদ্ধাৰে কামনা কৰিছে ।

Also Read: চামগুৰিত উত্তপ্ত পৰিস্থিতি : দুৰ্বৃত্তৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত এম্বুলেঞ্চ চালক

rangiya bishnu mandir