বৈদ্যগড়ত মহিয়সী মহিলা সন্মিলনৰ ৬ষ্ঠ বাৰ্ষিক ৰঙালী বিহু উদযাপন

বৈদ্যগড়ত মহিয়সী মহিলা সন্মিলনৰ ৬ষ্ঠ বাৰ্ষিক ৰঙালী বিহু উদযাপন

ডিজিটেল সংবাদ,ৰঙিয়াঃ অসমীয়া জন জীৱনৰ হিয়াৰ আমঠু ৰঙালী বিহু। ৰঙালী বিহুৰ স্বকীয়তা অক্ষুন্ন ৰখাৰ প্ৰয়াস ৰঙিয়াৰ বৈদ্যগড় মহিয়সী মহিলা সন্মিলনৰ। ৬ষ্ঠ বৰ্ষত পদাৰ্পণ কৰা ৰঙালী বিহু সন্মিলন উপলক্ষে সোমবাৰে দিনৰ ভাগত বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

স্থানীয় আৰিমত্ত ষ্টেডিয়ামত অনুষ্ঠিত কাৰ্যসূচীৰ বিহুৰ পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে সভানেত্ৰী শিপ্ৰা দাসে।ইয়াৰ পিছতে মহিলা সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইফালে ব্যতিক্ৰমী প্ৰয়াসেৰে অনুষ্ঠিত কৰা পৰম্পৰাগত খাদ্য সম্ভাৰৰ প্ৰতিযোগিতাত উপস্থিত থাকে ৰঙিয়া পৌৰ সভাৰ উপ পৌৰপতি বিদ্যুৎ ডেকা।

মহিলা সকলে ভিন্ন শৈলীৰে প্ৰস্তুত কৰা খাদ্য সম্ভাৰৰ দৃশ্য বিশেষ আকৰ্ষণীয় হৈ পৰে।ৰঙালী বিহু সন্মিলন উপলক্ষে সন্ধিয়াৰ ভাগত মুকলি বিহু অনুষ্ঠিত হয় ।

বৈদ্যগড়ত মহিয়সী মহিলা সন্মিলনৰ ৬ষ্ঠ বাৰ্ষিক ৰঙালী বিহু উদযাপন
প্ৰাক্তন ন্যায়াধীশ, সাংবাদিকৰ মুকলি বিতৰ্কৰ পদক্ষেপক গুৰুত্বহীন বিজেপিৰঃ আহিব ৰাহুল, মোডীৰ হে নাই সঁহাৰি..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in