প্ৰাক্তন ন্যায়াধীশ, সাংবাদিকৰ মুকলি বিতৰ্কৰ পদক্ষেপক গুৰুত্বহীন বিজেপিৰঃ আহিব ৰাহুল, মোডীৰ হে নাই সঁহাৰি..

ৰাহুল গান্ধীয়ে মুকলি বিতৰ্কৰ প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ পাছতে মোডীক উদ্ধাৰৰ অভিযানত নামিছে বিজেপি
প্ৰাক্তন ন্যায়াধীশ, সাংবাদিকৰ মুকলি বিতৰ্কৰ পদক্ষেপক গুৰুত্বহীন বিজেপিৰঃ আহিব ৰাহুল, মোডীৰ হে নাই সঁহাৰি..
প্ৰাক্তন ন্যায়াধীশ, সাংবাদিকৰ মুকলি বিতৰ্কৰ পদক্ষেপক গুৰুত্বহীন বিজেপিৰঃ আহিব ৰাহুল, মোডীৰ হে নাই সঁহাৰি..

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মদন বি লোকুৰ, দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অজিত পি শ্বাহ আৰু হিন্দু কাকতৰ প্ৰাক্তন মুখ্য সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক এন ৰামে অষ্টাদশ লোকসভা নিৰ্বাচনৰ মাজভাগত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীক মুকলি বিতৰ্কৰ বাবে আহ্বান জনাই এক মুকলি পত্ৰ লিখিছিল। পত্ৰখনত উল্লেখ কৰিছিল যে, ৰাজহুৱা বিতৰ্কৰ জৰিয়তে আমাৰ ৰাজনৈতিক নেতাসকলৰ কথা পোনপটিয়াকৈ শুনি নাগৰিকসকল যথেষ্ট লাভাম্বিত হ’ব। এই ব্যৱস্থাই গণতান্ত্ৰিক প্ৰক্ৰিয়াক যথেষ্ট শক্তিশালী কৰাত সহায় কৰিব।

এই পত্ৰৰ উত্তৰ হিচাপে ৰাহুল গান্ধীয়ে মুকলি বিতৰ্কৰ বাবে সন্মতি প্ৰকাশ কৰিলে যদিও এই পৰ্যন্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইয়াৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। ইয়াৰ পৰিৱৰ্তে দলটোৰ একাংশ নেতাই এতিয়া বিষয়টোক লৈ ৰাহুলক কটাক্ষ কৰাতহে লিপ্ত হৈছে। এইদৰেই ৰাহুলক কটাক্ষ কৰি বিতৰ্কৰ গুৰুত্ব আৰু ইয়াৰ অন্তৰ্গত বিষয়সমূহক গুৰুত্বহীন কৰাতহে উঠিপৰি লাগিছে।

আজি দেশৰ মুঠ ১০ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ হৈ গ’ল যদিও অতি গুৰুত্বপূৰ্ণ কেইটামান বিষয়ৰ সন্দৰ্ভত আহ্বান কৰা এই মুকলি বিতৰ্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোনো গুৰুত্ব নিদিয়াত প্ৰতিক্ৰিয়া অব্যাহত আছে। তাৰ মাজতে বিজেপিৰ একাংশ নেতাই বিষয়তোক গুৰুত্বহীন কৰাত উঠিপৰি লগা কাৰ্যয়ো দেশৰ গুৰুত্বপূৰ্ণ সমস্যাৰ সন্দৰ্ভত দলটোৰ স্থিতিক লৈয়ো প্ৰশ্নৰ উত্থাপন কৰিছে।

কি আছিল পত্ৰখনত

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মদন বি লোকুৰ, দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়ধীশ অজিত পি শ্বাহ, জ্যেষ্ঠ সাংবাদিক এন ৰামৰ দ্বাৰা দুয়োগৰাকী ৰাজনৈতিক নেতালৈ লিখা এই পত্ৰত কোৱা হৈছিল যে, আপোনালোকে বিভিন্ন ক্ষমতাৰে দেশৰ প্ৰতি আপোনালোকৰ কৰ্তব্য পালন কৰি আহিছে। এই বিশ্বাসেৰে আমি পক্ষপাতহীন আৰু প্ৰতিজন নাগৰিকৰ বৃহত্তৰ স্বাৰ্থত আপোনালোকৰ কাষলৈ এক প্ৰস্তাৱ লৈ আহিছোঁ। লোকসভা নিৰ্বাচনৰ আমি মাজভাগত উপনীত হৈছোঁ। ৰেলী আৰু ৰাজহুৱা ভাষণৰ সময়ত শাসকীয় বিজেপি আৰু প্ৰধান বিৰোধী দল কংগ্ৰেছ দুয়োটাৰে সদস্যই আমাৰ সাংবিধানিক গণন্ত্ৰৰণ মূল বিষয় সম্পৰ্কে গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ কথা উল্লেখ কৰি পত্ৰখনত লিখিছিল, প্ৰধানমন্ত্ৰীয়ে অনুচ্ছেদ ৩৭০ আৰু সম্পদৰ পুনৰ বিতৰণৰ ক্ষেত্ৰত কংগ্ৰেছক ৰাজহুৱাকৈ প্ৰত্যাহ্বান জনাইছে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে সংবিধান, নিৰ্বাচনী বণ্ড আৰু চীনৰ প্ৰতি চৰকাৰৰ স্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীক বিভিন্ন প্ৰশ্ন কৰিছে আৰু তেওঁক ৰাজহুৱা বিতৰ্কৰ বাবে প্ৰত্যাহ্বান জনাইছে। দুয়ো পক্ষেই নিজ নিজ দলীয় ইস্তাহাৰৰ লগতে সামাজিক ন্যায়াৰ সংবিধানিকভাৱে সুৰক্ষিত আঁচনিৰ ওপৰত তেওঁলোকৰ স্থিতি বিষয়ে ইজনে,সিজনক প্ৰশ্ন কৰিছে।

পত্ৰখনত পুনৰ কোৱা হৈছে জনতাৰ অংশ হিচাপে আমি চিন্তিত যে আমি কেৱল দুয়োপক্ষৰ অভিযোগ, প্ৰতিঅভিযোগ শুনিছোঁ। ইয়াৰ কোনো অৰ্থপূৰ্ণ সঁহাৰি পোৱা নাই। আমি জানোঁ যে, আজিৰ ডিজিটেল পৃথিৱীত ভুল তথ্য, তথ্যৰ হেৰফেৰ হোৱাৰ প্ৰৱণতা আছে। এই পৰিস্থিতিত বিতৰ্কৰ সকলো দিশৰ বিষয়ে জনসাধাৰণ সুশিক্ষিত হোৱাটো নিশ্চিত কৰাটো মৌলিকভাৱে গুৰুত্বপূৰ্ণ। যাতে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সময়ত সঠিকভাৱে বাছনি কৰিব পাৰে।

পত্ৰখনত পুনৰ কোৱা হৈছে, আমি বিশ্বাস কৰোঁ যে, এই বিষয়বোৰত দুয়ো নেতাই ৰাজহুৱাভাৱে বিতৰ্ক কৰা উচিত। ফলত জনসাধাৰণৰ বাবে বহু লাভলাভ হ'ব। তেওঁলোক দুয়োজন নেতাৰ মতামত পোনপটিয়াকৈ জনতাই শুনিব পাৰিব আৰু কাক সমৰ্থন কৰিব সেয়া নিজেই সিদ্ধান্ত ল'ব পাৰিব। ই ৰাজনৈতিক সজাগতাও বৃদ্ধি কৰিব আৰু ভোটাৰে অধিক তথ্যৰে ভোট দিবলৈ সক্ষম হ'ব। আমি বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু বিশ্বই আমাৰ নিৰ্বাচনক আগ্ৰহেৰে অনুসৰণ কৰে। সেয়ে এনে ৰাজহুৱা বিতৰ্কই বিশ্বৰ সন্মুখত এক ডাঙৰ দৃষ্টিন্ত দাঙি ধৰিব।

ৰাহুল গান্ধীয়ে দিলে এই পত্ৰৰ উত্তৰ

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে এই মুকলি বিতৰ্কৰ বাবে সাজু বুলি এক্সৰ জৰিয়তে প্ৰকাশ কৰিছে। তেওঁ এক পত্ৰ লিখি তাত উল্লেখ কৰিছে, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে এই সন্দৰ্ভত তেওঁ আলোচনাত কৰিছে আৰু এই বিতৰ্কৰ বাবে সাজু হৈছে।

তেওঁ কয়, এক সুস্থ গণতন্ত্ৰৰ বাবে প্ৰধান দলোবৰে এখন মঞ্চৰ পৰা দেশৰ সন্মুখত তেওঁলোকৰ দৃষ্টিভংগী ৰখাটো এক ইতিবাচক পদক্ষেপ। কংগ্ৰেছে এই প্ৰচেষ্টাক আদৰণি জনাইছে আৰু এই বিতৰ্কৰ আমন্ত্ৰণ গ্ৰহণ কৰিছে। লগতে পত্ৰখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।

বিজেপিয়ে দিলে চালে বেৰে কোবোৱা মন্তব্য

ৰাহুল গান্ধীয়ে মুকলি বিতৰ্কৰ এই আমন্ত্ৰণ গ্ৰহণ কৰি মুকলিকৈয়ে পত্ৰ লিখাত এতিয়া বিজেপিয়েও ইয়াত প্ৰত্যুত্তৰ দিছে। অৱশ্য প্ৰধানমন্ত্ৰী মোডীয়ে এই বিষয়ে কোনো মন্তব্য কৰা নাই। বিজেপিৰ আইটিচেলৰ অধ্যক্ষ অমিত মালব্যই দাবী কৰিছে অৰবিন্দ কেজৰিৱালে অন্তৱৰ্তীকালীন জামিন লাভ কৰাৰ পাছত ৰাহুল গান্ধীয়ে তেওঁৰ প্ৰাসংগিকতাক লৈ অস্থিৰ হৈ পৰিছে। সেয়ে লাইমলাইটলৈ আহিবলৈ এইদৰেই প্ৰচেষ্টা কৰিছে। তেওঁ অৱশ্যে এই বিতৰ্কৰ প্ৰাসংগিকতাক লৈ মৌনতা অৱলম্বন কৰিছে, যিদৰে প্ৰধানমন্ত্ৰী মোডী মৌন হৈ আছে এই প্ৰসংগত।

মোডী নাহে আহিব যুৱ মৰ্চাৰহে নেতা, সোমবাৰে জনালে বিজেপিয়ে

ৰাহুল গান্ধীয়ে এক্সৰ জৰিয়তে এই মুকলি বিতৰ্কৰলৈ সহাৰি প্ৰকাশ কৰি ইয়াৰ বাবে আগ্ৰহী বুলি কোৱাৰ পিছতে বিজেপি শলঠেকত পৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে যে এই প্ৰত্যাহ্বান কোনো কাৰণতে গ্ৰহণ নকৰে সেয়াও স্পষ্ট হৈছে।

নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ সাম্প্ৰদায়িক মন্তব্যৰ আশ্ৰয় লোৱা প্ৰধানমন্ত্ৰীগৰাকীক উদ্ধাৰৰ বাবে এই বিষয়ত জপিয়াই পৰিছে বিজেপিৰ যুৱ মৰ্চা। দক্ষিণ বেংগালুৰু সমষ্টিৰ সাংসদ তেজস্বী সূৰ্যই এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীক সুৰক্ষা দিবলৈ গৈ ৰাহুল গান্ধীক আক্ৰমণ কৰি কয়, প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ সৈতে বিতৰ্ক কৰিবলৈ ৰাহুল গান্ধী কোন? ৰাহুল গান্ধী আনকি কংগ্ৰেছ দলৰ প্ৰধানমন্ত্ৰী পদৰো প্ৰাৰ্থী নহয়। ইণ্ডিয়া মিত্ৰজোঁটৰ কথা বাদ দিয়ক। প্ৰথমে তেওঁ নিজকে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰি লওঁক। তেওঁ কওঁক যে, দলৰ পৰাজয়ৰ দায়িত্ব তেওঁ নিজেই ল’ব। তাৰ পিছত প্ৰধানমন্ত্ৰীক বিতৰ্কৰ বাবে আমন্ত্ৰণ জনাব। তেতিয়ালৈকে তেওঁলোকৰ যিকোনো বিতৰ্কৰ প্ৰত্যাহ্বান জনাবলৈ আমি আমাৰ যুৱ মৰ্চাৰ মুখপাত্ৰসকলক নিয়োজিত কৰিবলৈ সাজু।

তেজস্বী সূৰ্যৰ এইদৰে ৰাহুল গান্ধীক কটাক্ষ কৰিল যদিও মুকলি পত্ৰখনত উল্লেখিত বিতৰ্কৰ গুৰুত্ব আৰু ইয়াৰ বিষয়সমূহৰ গভীৰতাক লৈ কোনো মন্তব্য নকৰিলে।

প্ৰাক্তন ন্যায়াধীশ, সাংবাদিকৰ মুকলি বিতৰ্কৰ পদক্ষেপক গুৰুত্বহীন বিজেপিৰঃ আহিব ৰাহুল, মোডীৰ হে নাই সঁহাৰি..
'৪০০ বহু দূৰৰ কথা, বিজেপিয়ে এইবাৰ নাপায় ২০০ খনো আসন'- মমতা বেনাৰ্জী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in