ডিজিটেল সংবাদ ৰঙিয়া: অসমৰ চৰকাৰৰ দূৰদৰ্শী আৰু জাতীয় জীৱনক তথা জাতীয় জীৱনৰ স্বাভিমানক নতুন জীৱনী শক্তি প্ৰদান কৰা আঁচনিসমূহৰ অন্যতম "অসম দৰ্শন"ৰ অধীনত আজি ৰঙিয়াত দুটাকৈ স্থানত নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে বিধায়ক ভৱেশ কলিতাই।
আঁচনিখনৰ অধীনত তুলসীবাৰী অঞ্চলৰ আধ্যাত্মিকস্থলী কাতিপ্ৰিয়া নামঘৰৰ সভাগৃহ আৰু ১ নং তুলসীবাৰী ৰাজহুৱা সত্ৰৰ নামঘৰৰ সভাগৃহ নিৰ্মাণ কাৰ্যৰ বাবে প্ৰতিটোৰে বিপৰীতে ২ লাখ ৫০ হাজাৰকৈ টকা অনুমোদন দিয়া হৈছে। এই দুয়োটা উপাসনাস্থলীৰ সভাগৃহ নিৰ্মাণৰ ফলত স্থানীয় ভক্তপ্ৰাণ ৰাইজে আধ্যাত্মিক চর্চা কৰিবলৈ বহুখিনি সুবিধা হ'ব বুলি বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে।
ইয়াৰোপৰি তেওঁ অঞ্চলটোৰ সাংস্কৃতিক-আধ্যাত্মিক পৰিকাঠামো সবল কৰি তুলিব বুলিও আশা প্ৰকাশ কৰে।