মৃণাল শইকীয়াই কোৱা কথাখিনিৰ পৰ্যালোচনা হ'ব লাগেঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

মোৰ দায়িত্বত থকা ৩ টা ক্লাষ্টাৰত কিমান ভোটত জিকিম, সেয়া বিশ্লেষণ হ’ব..

author-image
Asomiya Pratidin
New Update
মৃণাল শইকীয়াই কোৱা কথাখিনিৰ পৰ্যালোচনা হ'ব লাগেঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

ডিজিটেল সংবাদ,ৰঙিয়াঃ বিধায়ক মৃণাল শইকীয়াই ছ’চিয়েল মিডিয়াত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা সন্দৰ্ভত কৰা পোষ্ট সম্পৰ্কত আজি সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, মৃণাল শইকীয়া আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ নেতা। তেওঁ যিখিনি কথা কৈছে, সেই কথাবিলাক পৰ্যালোচনা হ’ব লাগে। মোৰ কাৰণে ক’ৰবাত ক’ৰবাত বহু হাজাৰ ভোট নষ্ট হোৱা বুলি শইকীয়াই কৈছে। গতিকে তেওঁৰ কথাখিনি আমি ৪ তাৰিখলৈকে পৰ্যালোচনা কৰিব লাগে। মোৰ কাৰণে ক’ত ক’ত ভোট নষ্ট হ’ল পৰ্যালোচনা হ’ব লাগে।

Advertisment

লগতে তেওঁ কয় যে, মই যিটো সমষ্টিৰ বিধায়ক, সেইটো সমষ্টিত মই ৭০-৮০ হাজাৰ ভোটত লীড লম। মৃণাল শইকীয়াৰ যিটো সমষ্টি তাত ৬-৭ শতাংশ মুছলমান মানুহ আছে। তেওঁ ডেৰ লাখ ভোটত লীড ল’ব পাৰিব নে নাই বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে?

তেওঁ আৰু কয় যে, মই মোৰ সমষ্টিটোত প্ৰচাৰ চলাবলৈ যাব পৰা নাই, মাত্ৰ দুদিন গৈছো। দুদিন গৈ মই যদি ৭০-৮০ হাজাৰ ভোটত লীড দিব পাৰো, তেওঁ গোটেই সময়ছোৱা নিজৰ সমষ্টিত থাকি, য’ত ৬-৭ শতাংশ মাত্ৰ মুছলমান মানুহ আছে, তেওঁ কিমান বেছি ভোট দিব? মোক দলে তিনিটা ক্লাষ্টাৰৰ দায়িত্ব দিছিল। এই তিনিটা ক্লাষ্টাৰত কিমান ভোটত জিকিম, সেয়া বিশ্লেষণ হ’ব। মোৰ তিনিটা সমষ্টি- গুৱাহাটী, দৰং-ওদালগুৰি আৰু বৰপেটাত মই অতি কমেও ৩ লাখতকৈ অধিক ভোটত জিকিম। গতিকে এনেকুৱা ধৰণৰ যদি মই দলটোৰ সেৱা কৰিব পাৰো, কাম কৰিব পাৰে, তেতিয়াহ’লে পৰ্যালোচনা বেলেগে হ’ব।

"যিয়ে দলৰ হৈ কাম কৰে, দলৰ বাবে ত্যাগ কৰে, দলৰ প্ৰতি সমৰ্পিত হৈ কাম কৰে, তেওঁক আমি সন্মান দিব লাগে আৰু তেওঁৰ প্ৰতি আমাৰ দায়িত্ব আছে। গতিকে মই কোৱা কথাখিনি তেওঁক কোৱা বুলি তেওঁ ভাবি লৈছে সেয়া তেওঁৰ কথা। তাত মোৰ একো ক’বলগীয়া নাই। কিন্তু মোৰ স্পষ্ট কথা যে তেওঁ এজন জ্যেষ্ঠ বিধায়ক, দলৰ জ্যেষ্ঠ নেতা তেওঁ কোৱা কথাখিনি মই ৪ তাৰিখে পৰ্যালোচনা কৰিম বুলিও জয়ন্ত মল্লই মন্তব্য কৰে।

ইয়াৰোপৰি দলৰ নেতা-কৰ্মীৰ মাজত মতানৈক্য বৃদ্ধি পাইছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ সেয়া একেষাৰে অস্বীকাৰ কৰে। তেওঁ কয় যে, আমাৰ দলত কাৰো সৈতে কোনো মতানৈক্য নাই। আমি সকলোৱে একেলগে কাম কৰো। বিধায়ক মৃণাল শইকীয়া দলৰ এজন জ্যেষ্ঠ নেতা তেওঁৰ প্ৰতি আমাৰ সন্মান আছে। শইকীয়াই যেনেধৰণে কৈছে যে মোৰ কাৰণে ক’ৰবাত ভোট কমিছে, তেওঁ এইটোৰ জবাব দিব লাগিব ক’ত ক’ত ভোট কমিছে। মোৰ সমষ্টিত ২৫ শতাংশ মুছলমান মানুহ আছে, মই ৭০-৮০ হাজাৰত লীড লৈছো আৰু তেওঁৰ সমষ্টিত ৬-৭ শতাংশ মুছলমান মানুহ আছে, তেওঁ নিজৰ সমষ্টিত ২০ হাজাৰ ভোটত লীড ল’লে কেনেকৈ হ’ব?

আনহাতে, বিৰোধীয়ে এই বিষয়টোক লৈ মন্তব্য কৰা সন্দৰ্ভত সাংবাদিকে মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, ৪ তাৰিখত ৰিজাল্ট ওলোৱাৰ পিছত এইবিলাক বিষয় আমি আলোচনা কৰিম।

আনহাতে, ভূপেন বৰাই বিষয়টোক লৈ বিজেপিৰ বিধায়কসকলকৈ কটু মন্তব্য কৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে ভূপেন বৰাক এগৰাকী হতাশগ্ৰস্ত লোক বুলি কয়। তেওঁ মিডিয়াত কেনেকৈ হাইলাইট হৈ থাকিব পাৰি সেই কথাই চিন্তা কৰি থাকে বুলিও ভূপেন বৰাক কটাক্ষ কৰে।

Also Read: সাৱধান! ঋণ দিয়াৰ প্ৰলোভনেৰে সামাজিক মাধ্যমত জাল মেলিছে প্ৰবঞ্চকে..

mrinal saikia Jayanta Mallabarua assam politics