/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/35d5aa23-2061-428a-83fc-6a6685c4a3fe/pahi_22.jpg)
ৰঙিয়াৰ পথ দুৰ্ঘটনাঃ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে কণমানি পাহিয়ে...
ডিজিটেল সংবাদ ৰঙিয়াঃ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ৰঙিয়াত মেজিক দুৰ্ঘটনাত আহত হোৱা পাহি বনিয়াই। আজি দিনৰ ভাগত তেজপুৰৰ পৰা সৰ্থেবাৰী অভিমুখে আহি থকা অৱস্থাত এখন মেজিক বাহন ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত দুৰ্ঘটনাত পতিত হৈছিল।
বাহনখনত আছিল ১৩ জনকৈ যাত্ৰী। দুৰ্ঘটনাৰ পাছতে আহতসকলক স্থানীয় হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল যদিও ১২ বছৰীয়া পাহি বনিয়াৰ আঘাত গুৰুতৰ হোৱাত জি এম চি এইছলৈ প্ৰেৰণ কৰা হৈছিল।
ইয়াৰ পিছতে তেওঁৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। উল্লেখ্য পাহি বনিয়াৰ ঘৰ শোণিতপুৰ জিলাৰ ঠেলামৰাত।
Also Read: ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ জ্যোতি ভাৰতীৰ সভাগৃহত কৰ্মশালা...