/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/1a6d8930-3a05-4bee-b40d-443a9e57589f/384.jpg)
ডিজিটেল সংবাদ, ৰঙিয়া : ৰঙিয়া উকিল সন্থাৰ নৱ নিৰ্মিত কাৰ্যালয় ভৱনটিৰ শুকুৰবাৰে শুভ উদ্বোধন কৰা হয় ৷ ৰঙিয়া পৌৰসভাৰ অনুদানৰ লগতে বিধায়ক ভবেশ কলিতাৰ সহযোগত নিৰ্মিত ভৱনটিত পুৱা ভাগত বিষ্ণু পূজা আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয় ৷
কাৰ্যালয় ভৱনটিৰ প্ৰৱেশদ্বাৰ ফিটা কাটি ৰাইজলৈ উৎসৰ্গিত কৰে জ্যেষ্ঠ অধিবক্তা হিৰণ্য চৌধুৰীয়ে ৷ একে অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত মুকলি সভাত সভাপতিত্ব কৰে ৰঙিয়া উকিল সন্থাৰ সভাপতি গোপাল কাকতিয়ে ৷
ৰঙিয়া উকিল সন্থাৰ সম্পাদক চৈয়দ মোস্তাফা আহমেদে আঁত ধৰা আৰু বিশিষ্ট গীতিকাৰ বেণুধৰ কলিতাৰ দ্বাৰা ৰচিত আৰু সংগীত শিল্পী প্ৰভাত নাথৰ দ্বাৰা সুৰাৰোপিত ৰঙিয়া উকিল সন্থাৰ শিল্পীবৃন্দৰ দ্বাৰা পৰিবেশিত শীৰ্ষক গীতেৰ অনুষ্ঠানৰ আৰম্ভ কৰা হয়। মুকলি সভাত অতিৰিক্ত সত্ৰ ন্যায়াধীশ অনিল বাছফোৰ , মহকুমা ন্যায়াধীশ চুইটি ভূঞা, অসম সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমন্ত কলিতা, ৰঙিয়া উকিল সন্থাৰ প্ৰাক্তন সভাপতি মকিব তালুকদাৰ, জেষ্ঠ্য অধিবক্তা চিৰাজুদ্দিন আলী আহমেদকে ধৰি কেইবাগৰাকীও অধিবক্তা আৰু ৰাইজে অংশগ্ৰহণ কৰে ৷
অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত কাৰ্যসূচীৰ প্ৰাৰম্ভিকতে গছপুলি ৰোপণ কৰে অতিৰিক্ত সত্ৰ ন্যায়াধীশ অনিল কুমাৰ বাচ্ফৰে। আনহাতে পিছত আমন্ত্ৰিত পাঠকৰ দ্বাৰা নাগাৰা নাম প্ৰদৰ্শন হয় ৷
Also Read: ৰঙিয়াৰ পিংগলেশ্বৰত প্ৰয়াত লক্ষ্মীনাথ শৰ্মাৰ স্মৃতিচাৰণ সভা