ৰঙিয়াৰ পিংগলেশ্বৰত প্ৰয়াত লক্ষ্মীনাথ শৰ্মাৰ স্মৃতিচাৰণ সভা

ৰঙিয়াৰ পিংগলেশ্বৰত প্ৰয়াত লক্ষ্মীনাথ শৰ্মাৰ স্মৃতিচাৰণ সভা

ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়া মহকুমাৰ অন্তৰ্গত পিংগলেশ্বৰ গাঁও নিবাসী  শিক্ষক তথা সমাজসেৱক প্ৰয়াত লক্ষ্মীনাথ শৰ্মাৰ প্ৰথম মৃত্যুবার্ষিকী উপলক্ষে অলপতে বাসভৱনত এখনি স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয়। প্ৰয়াত শৰ্মাৰ বৰ্ণিল কৰ্মময় তথা সামাজিক জীৱনক সৰোগত কৰি উক্ত সভাতে 'প্ৰজ্ঞাদীপ' শীর্ষক এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয় ।

স্মৃতিগ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত ৰে'লৱে বিষয়া জগদীশ শৰ্মাই । আনহাতে সভাত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক তথা হাজোৰ মাধৱ মন্দিৰ তথা পঞ্চতীৰ্থৰ দলৈ শিৱপ্ৰসাদ শৰ্মা,অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক হেমন্ত ভট্টাচার্যৰ লগতে গড়কাপ্তানি বিভাগ, অসমৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা পৰিয়ালৰ কুলগুৰু নৱ কুমাৰ গোস্বামীয়ে।

গ্ৰন্থখন উন্মোচন কৰি নৱ কুমাৰ গোস্বামীয়ে এনে মহৎ কাৰ্য্যৰ বাবে উদ্যোক্তাসকলক ভূয়ষী প্ৰশংসা কৰে। উক্ত সভাত এন জি ছিৰ প্ৰাক্তন ভূতত্ববিদ ভবানন্দ ভট্টাচার্যই এটি দেহবিচাৰৰ গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে। সভাত প্ৰয়াত শৰ্মাৰ  গুণমুগ্ধ ব্যক্তি আৰু ছাত্র-ছাত্ৰী উপস্থিত থাকি কৰ্মৰাজী আৰু জীৱনৰ বিভিন্ন ঘটনাৱলীৰ ওপৰত আলোকপাত কৰে।

ৰঙিয়াৰ পিংগলেশ্বৰত প্ৰয়াত লক্ষ্মীনাথ শৰ্মাৰ স্মৃতিচাৰণ সভা
নগাঁৱৰ খ্ৰীষ্ট জ্যোতি বিদ্যালয়ত হকী আৰু ভলীবল প্ৰশিক্ষক শিবিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in