/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-17/q9u8az3q/fa15cac6-79c7-40da-8355-292a2734db29.jpg)
ডিজিটেল সংবাদ, ৰঙিয়া : পি এম শ্ৰী ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয় পৰিচালনা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা শনিবাৰে বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় । বিদ্যালয় পৰিচালনা সমিতিৰ মনোনীত অধ্যক্ষা শ্বাৱণ্য ভিতিৰ পৌৰহিত্যত সভাখন অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-17/hmtl72ll/29c659e6-37f9-4193-9801-e0fc5f556843.jpg)
সভাত বিদ্যালয়ৰ উন্নমূলক কাম-কাজৰ লগতে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা কিছু সমস্যাৰ আলোচনা কৰি ইয়াৰ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ লোৱা হয় । বিশেষকৈ বাৰিষা কালত স্কুলৰ সন্মুখত পানী জমা হৈ প্ৰৱেশ পথটো পানীত বুৰগৈ থকা আৰু বিদ্যালয় আৰম্ভ হোৱাৰ সময়ত প্ৰৱেশ পথত হোৱা তীব্ৰ যান-জঁটৰ সমস্যাৰ সমাধানৰ বাবে আলোচনা কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-17/420ho46d/c3f5d1de-ee43-4c73-ab71-87442a66c2e5.jpg)
বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সচিব তথা বিদ্যালয়খনৰ অধ্যক্ষ শেষানুজ চৰকাৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাখন বিদ্যালয় পৰিচালনা সমিতিৰ আন ৭ গৰাকী সদস্যও উপস্থিত থাকি বিদ্যালয়খনৰ সামগ্ৰীক উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।
Also Read: কলকাতাৰ আৰ জি কৰ হাস্পতাল কাণ্ড : গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত প্ৰতিবাদী সমদল