কলকাতাৰ আৰ জি কৰ হাস্পতাল কাণ্ড : গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত প্ৰতিবাদী সমদল

কলকাতাৰ আৰ জি কৰ হাস্পতাল কাণ্ড : গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ এক সভাৰ উদ্যোগত প্ৰতিবাদী সমদল

author-image
Asomiya Pratidin
New Update
কলকাতাৰ আৰ জি কৰ হাস্পতাল কাণ্ড : গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত প্ৰতিবাদী সমদল

ডিজিটেল ডেস্ক : যোৱা ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ হাস্পতালত সংঘটিত কনিষ্ঠ চিকিৎসকগৰাকীৰ হত্যাকাণ্ডৰ ঘটনাকলৈ শনিবাৰে গুৱাহাটী মহাবিদ্যালয়ত প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। উক্ত ঘটনাৰ ন্যায় বিচাৰি মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ উদ্যোগত শনিবাৰে সন্ধিয়া‌ ৬-০০‌ বজাত মমবাতি জ্বলাই শান্তি‌ সমদল বাহিৰ‌ কৰা হয়।

Advertisment
  User
User

শতাধিক ছাত্ৰ-ছাত্ৰীৰ সহযোগত‌ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে এই ঘটনাক‌‌ তীব্ৰ ধিক্কাৰ দিয়াৰ‌ লগতে ভুক্তভোগীৰ ন্যায়‌ দাবী‌ কৰে। লগতে ভুক্তভোগীৰ পক্ষত থিয় হৈ মানৱৰূপী দানৱৰ বিৰুদ্ধাচৰণ‌ প্ৰকাশ কৰে।

গুৱাহাটী মহাবিদ্যালয়‌ ছাত্ৰ একতা সভা‌ৰ সভাপতি পাৰ্থ প্ৰতিম কাকতি আৰু সাধাৰণ সম্পাদক অভিজিৎ খনিকৰে অনুষ্ঠানটিৰ আঁত ধৰে।‌ শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা জনসাধাৰণক‌‌ এই‌ ঘটনাৰ বাবে মাত মতাৰ‌‌ আহ্বান জনাই‌ ছাত্ৰ একতা সভাই।

  User
User

এই সন্দৰ্ভত গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে কয় যে নাৰীক‌ নিজ কৰ্মস্থলীত সুৰক্ষিত হৈ কাম কৰাৰ বাবে এক পৰিৱেশ সৃষ্টি কৰিব লাগে। তাৰোপৰি চৰকাৰে কঠোৰ হৈ নাৰী সুৰক্ষাত গুৰুত্ব প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰে।

Also Read: মৰিগাঁও আৰক্ষীৰ অভিযানত নিচাযুক্ত দ্ৰব্য জব্দ : এজনক আটক

GUWAHATI COLLEGE JYOTI NAGAR