বৰলীয়া নৈৰ বাঢ়নী পানীয়ে ভয়াৱহ ৰূপ লৈছে ৰঙিয়াত...

স্থানীয় বিধায়কে খবৰ নোলোৱাৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
বৰলীয়া নৈৰ বাঢ়নী পানীয়ে ভয়াৱহ ৰূপ লৈছে ৰঙিয়াত...

বৰলীয়া নৈৰ বাঢ়নী পানীয়ে ভয়াৱহ ৰূপ লৈছে ৰঙিয়াত...

ডিজিটেল সংবাদ ৰঙিয়াঃ বৰলীয়া নৈৰ বাঢ়নী পানীয়ে ভয়াৱহ ৰূপ লৈছে ৰঙিয়াৰ ৰঙিয়া হাচানটুক, বিহাপাৰা, বালাগাঁও, ৰঙিয়া নগৰৰ এন টি ৰোড, উদিয়ানা, তাৰাকুছি, গুৰকুছি, বটাকুছি, কোঠৰা, ভাতকুছি, খোপনিকুছিকে ধৰি বিভিন্ন অঞ্চলত।বানৰ কবলত পৰি সহস্ৰাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ।

Advertisment

বানত নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা মাটিৰ খেতি। এই বানত পুখুৰীৰ পৰা মাছ ওলাই যোৱাত মৎস্য পালকসকলৰ হাহাকাৰ লাগিছে । আনহাতে ৰঙিয়াৰ হাচানটুকৰ ফাইজুল ইছলাৰ তিনি লক্ষাধিক টকা মূল্যৰ ব্ৰয়লাৰ মুৰ্গী উটি গৈছে বানত।

ইফালে বানৰ মাজতে এগৰাকী হাচানটুকৰ মহিলাক সৰ্পদংশন কৰে। এবুকু বানত ককবকাই পিছত ৰঙিয়াৰ হাস্পাতালত ভৰ্তি কৰায় যদিও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। এইক্ষেত্ৰত স্থানীয় বিধায়ক ভৱেশ কলিতাই খবৰ নোলোৱাৰ অভিযোগ আনে সমগ্ৰ ৰঙিয়াৰ বানাক্ৰান্তলোকে।

Also Read: কৰৰাত ৮৭ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা...

ৰঙিয়া বানপানী