কৰৰাত ৮৭ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা...

চিকিৎসক হিতেশ বৰুৱা, বিধায়ক দিগন্ত কলিতাৰ অংশগ্ৰহণ

author-image
Asomiya Pratidin
New Update
কৰৰাত ৮৭ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা...

কৰৰাত ৮৭ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা...

ডিজিটেল সংবাদ ৰঙিয়াঃ ''পিতৃ মাতৃৰ পাছতে শ্ৰেষ্ঠ অভিভাৱক শিক্ষা গুৰু। মিছন, ভিছনলৈ আগবাঢ়িলেহে কোনো ছাত্ৰ-ছাত্ৰীয়ে প্ৰকৃত লক্ষ্যত উপনিত হ'ব পাৰিব। ইয়াৰ বাবে লাগিব ধৈৰ্য, শ্ৰদ্ধা, ভক্তিৰ লগতে সাহস আৰু একাগ্ৰতা।'' উত্তৰ পূব কামৰূপৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন কৰৰা ইয়ুথ এথলেটিক্স ক্লাবে আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত এই মন্তব্য আগবঢ়ায় বিধায়ক দিগন্ত কলিতাই।

Advertisment

তেওঁ কয় যে, কৰ্মত সৰু ডাঙৰ নাই। এজন উপায়ুক্ত আৰু এজন চকিদাৰৰ সন্মানৰ পাৰ্থক্য নাই। কিয়নো চাহ বিক্ৰেতাই আজি দেশৰ প্ৰধানমন্ত্ৰী।কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনত পৌৰাহিত্য কৰে ক্লাবৰ সভাপতি ভবানীধৰ শৰ্মাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নেমকেয়াৰ হাস্পতালৰ পৰিচালনা সঞ্চালক ডাঃ হিতেশ বৰুৱাই গীতৰ মাধ্যমেৰে কয় যে ''একান্ত সাধনা থাকিলে কামত কৃতকাৰ্য হোৱাটো নিশ্চিত। মই শূন্যৰ পৰা আহি আজি এই অবস্থাত উপনিত হৈছো।''

শিক্ষাৰ্থীক উদ্দেশ্যি তেওঁ কয় যে- ''সমাজত ডাঙৰ মানুহ হোৱা সহজ কিন্তু ভাল মানুহ হোৱাটো অত্যন্ত কঠিন'। আজিৰ সভাতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংচন লাভ কৰা ৮৭ গৰাকী কৃতীমানক গামোচা, মানপত্ৰ আৰু এটা কলমেৰে সম্বৰ্ধনা জ্ঞাপন কৰে ক্লাবৰ উদ্যোক্তাসকলে।

কমেও ডেৰশ ছাত্ৰ- ছাত্ৰী আৰু অভিভাৱকৰ উপস্থিতিত অনুষ্ঠানৰ আঁতধৰে উপ-সভাপতি আৰু সম্পাদক ক্ৰমে কুমুদ কলিতা, বলেন ডেকাই। মঞ্চত ভাষণ প্ৰদান কৰে ছিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ প্ৰদীপ ডেকাই। অন্যান্য ব্যক্তিৰ ভিতৰত অংশগ্ৰহণ কৰে ক্ৰমে বিশিষ্ট শিশু সাহিত্যিক গিৰীন্দ্ৰ নাথ ডেকা, কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কমলেশ্বৰ চৌধুৰী,মাজগাও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমন্ত কুমাৰ শৰ্মা প্ৰমুখ্যে কৰুণা কান্ত ডেকা, গকুল ডেকাকে ধৰি কেইবাগৰাকীও শিক্ষাবিদে।

Also Read: সাংবাদিক বিকাশ শৰ্মাক গোলাঘাট প্ৰেছ ক্লাবৰ ৰাজহুৱা সম্বৰ্ধনা...

ৰঙিয়া কৰৰা