Advertisment

পথাৰত নাই পানীঃ বৃহত্তৰ ৰঙিয়াৰ খেতিয়কৰ মাজত হাহাকাৰ...

বীজ ৰোপণ কৰিবলৈ বৰষুণলৈ অপেক্ষা কৃষকৰ, নাই জলসিঞ্চন ব্যৱস্থা

author-image
Asomiya Pratidin
New Update
পথাৰত নাই পানীঃ বৃহত্তৰ ৰঙিয়াৰ খেতিয়কৰ মাজত হাহাকাৰ...

পথাৰত নাই পানীঃ বৃহত্তৰ ৰঙিয়াৰ খেতিয়কৰ মাজত হাহাকাৰ...

ডিজিটেল সংবাদ ৰঙিয়াঃ ৰাজ্য চৰকাৰে পছ, দলং, স্বাস্থ্য, জলসিঞ্চন ব্যৱস্থা আদি উন্নয়নৰ ঢাক -ঢোল বজোৱাৰ বিপৰীতে এখন ওলোটা ছবিহে দেখা গৈছে কামৰূপ জিলাৰ ৰঙিয়া আৰু উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তুৰ্গত আগদলা বাইহাটা চাৰিআলিৰ আশে-পাশে থকা প্ৰায়সমূহ গাঁৱত। এই গ্ৰামাঞ্চলসমূহত এতিয়া খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।

Advertisment

এফালে বৰষুণৰ অভাৱ, আনফালে বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলৰ লগতে ৰঙিয়াৰ পাৰ্শ্ববৰ্তী বহু অঞ্চলত জলসিঞ্চনৰ ব্যবস্থা নাই। পৰম্পৰাগতভাবে ব'হাগ মাহতে খেতিয়কসকলে শস্যৰ বীজ সিঁচাৰ কাম আৰম্ভ কৰে যদিও, এই অঞ্চলৰ গোগ, ক্ষুদ্ৰপলাহা,আলিপূব,বৰপলাহা আদি গাওসমূহৰ কৃষকসকলে বৰষুণৰ অভাবত বীজ ৰোপণ কৰিব পৰা নাই।

খেতিপথাৰত পানী নথকাত খেতিয়কসকলে দুৰ্দিনৰ আশংকাত ভূগিছে। তাৰোপৰি মুখ্যমন্ত্ৰীৰ সমষ্টিৰ অন্তৰ্গত আগদলা পঞ্চায়ত এলেকাত জলসিঞ্চন ব্যৱস্থা নথকাত পানীৰ কোনো সুব্যৱস্থা কৰিব পৰা নাই খেতিয়কসকলে। ফলত চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে এই খেতিয়কসকল।

Also Read: অন্ত পৰা নাই ভোটগ্ৰহণঃ অমিত শ্বাহে ক'লে চৰকাৰ গঠন কৰিলেই বিজেপিয়ে...

জলসিঞ্চন বিভাগ ৰঙিয়া