অন্ত পৰা নাই ভোটগ্ৰহণঃ অমিত শ্বাহে ক'লে চৰকাৰ গঠন কৰিলেই বিজেপিয়ে...
অন্ত পৰা নাই ভোটগ্ৰহণঃ অমিত শ্বাহে ক'লে চৰকাৰ গঠন কৰিলেই বিজেপিয়ে...

অন্ত পৰা নাই ভোটগ্ৰহণঃ অমিত শ্বাহে ক'লে চৰকাৰ গঠন কৰিলেই বিজেপিয়ে...

পশ্চিমবংগৰ জনসভাত অমিত শ্বাহৰ দাবী

ডিজিটেল ডেস্কঃ ৭ টা পৰ্যায়ত অনুষ্ঠিত হোৱা দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ৪ টা পৰ্যায় ইতিমধ্যে অন্ত পৰিছে। এই ৪ টা পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছতে এতিয়া ৰাজনৈতিক দলসমূহে জয়, পৰাজয়ৰ সম্ভাৱণিয়তাক লৈ নানান মন্তব্য কৰিছে। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডীক ৪ জুনত দেশবাসীয়ে বিদায় দিব বুলি স্পষ্টকৈ মন্তব্য কৰিছে।

মমতা বেনাৰ্জীয়ে চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে প্ৰধানমন্ত্ৰী মোডী ৪ জুনত দিল্লীৰ পৰা আঁতৰিব বুলি কৈছে। সেইদৰেই অৰবিন্দ কেজৰিৱালেও প্ৰধানমন্ত্ৰী মোডীক দেশবাসীয়ে নস্যাৎ কৰিছে বুলি দাবী কৰিছে।

বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলৰ এনে মন্তব্যৰ বিপৰীতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙ্গলবাৰে পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি দাবী কৰিছে বিজেপিৰ ইতিমধ্যে জয় হৈছে।

কি ক'লে অমিত শ্বাহে?

পশ্চিমবংগত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ আহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ ভাষণত দাবী কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইতিমধ্যে লাভ কৰিছে সংখ্যাগৰিষ্ঠতা। তেওঁৰ মতে চাৰিটা পৰ্যায়ত অনুষ্ঠিত হোৱা ভোটগ্ৰহণত ৩৮০ খন আসনৰ ভিতৰত ২৭০ খন আসনেই লাভ কৰিছে বিজেপিয়ে। সেই অনুসৰিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লাভ কৰিছে সংখ্যাগৰিষ্ঠতা।

সভাত শ্বাহে এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে প্ৰথমে ঘোষণা কৰা 'অবকি বাৰ ৪০০ পাৰ' শ্লোগান বাস্তৱ হ'ব বুলিও দাবী কৰিছে। তেওঁ সভাত অংশগ্ৰহণ কৰা বিজেপিৰ সমৰ্থকসকলক প্ৰশ্ন কৰি কয়, বংগবাসী আপোনালোকে কওঁক ৪০০ পাৰ কৰোৱাব নে? বংগত ৩০ ৰো অধিক আসনত বিজয়ী কৰাবনে?

৪ টা পৰ্যায়ত সম্পন্ন হ'ল ৩৮০ খন আসনৰ ভোটগ্ৰহণ

এইবাৰ দেশৰ সাধাৰণ নিৰ্বাচন মুঠ ৭ টা পৰ্যায়ত অনুষ্ঠিত হৈছে। ইয়াৰে ৪ টা পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে সম্পন্ন হৈছে। ইয়াৰ ভিতৰত ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত ১০২ খন, ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ৮৯ খন, ৭ মে'ত তৃতীয় পৰ্যায়ত ৯৪ খন আৰু ১৩ মে'ত চতুৰ্থ পৰ্যায়ত ৯৬ খন আসনত ভোটগ্ৰহণ হৈ গৈছে।

পৰৱৰ্তী তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ক্ৰমে ২০, ২৫ মে' আৰু ১ জুনত। ইয়াৰে ২০ জুনত ৪৯ খন, ২৫ মে' আৰু ১ জুনত ৫৭ খনকৈ আসনত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

'অবকি বাৰ ৪০০ পাৰ' অতীত, এতিয়া চলিছে আৱেগৰ ৰাজনীতি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পুনৰ এবাৰ দেশৰ প্ৰধানমন্ত্ৰী পাতিবলৈ বিজেপিয়ে এইবাৰ নিৰ্বাচনৰ ঠিক আগে আগে 'অবকি বাৰ ৪০০ পাৰ' শ্লোগান আৰম্ভ কৰিছিল। কিন্তু ৩ টা পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ পাছতে বিজেপি নেতাৰ মুখত আনকি স্বয়ং প্ৰধানমন্ত্ৰীৰ মুখৰ পৰাই এই শ্লোগান হেৰাইছে।

ইয়াৰ পৰিৱৰ্তে আহিছে আন কেতবোৰ প্ৰসংগৰে বিতৰ্কিত মন্তব্য। যাৰ বাবে নিৰ্বাচন আয়োগৰো সৰনাপন্ন হৈছে বিৰোধী ৰাজনৈতিক দল। আয়োগে দলৰ সভাপতিলৈ প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱাৰো জাননী।

নিৰ্বাচনী আচৰণবিধি ভংগৰে কৰা এনে মন্তব্যৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আকৌ এইবাৰ প্ৰধানমন্ত্ৰী মোডীয়ে আশ্ৰয় ল'লে আৱেগৰ ৰাজনীতিৰ। প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ এক ৰাষ্ট্ৰীয় টেলিভিচন চেনলত এক সাক্ষাৎকাৰ দিবলৈ গৈ তেওঁ কেমেৰাৰ সন্মুখতে চকু পানী টুকিবলৈয়ো পাহৰা নাই।

এনে পৰিস্থিতিত অমিত শ্বাহে বংগত আজি যি দাবী কৰিলে সেয়া এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। অমিত শ্বাহে দাবী কৰাৰ দৰেই বিজেপিয়ে ইতিমধ্যে ভোটগ্ৰহণ সম্পন্ন হোৱা ৩৮০ খন আসনৰ ভিতৰত ২৮০ খন আসনেই লাভ কৰিবনে? নে বিৰোধীয়ে দাবী কৰাৰ দৰে ৪ জুনত দিল্লীৰ পৰা আঁতৰিব বিজেপিৰ চৰকাৰ? এই প্ৰশ্নক লৈ আৰম্ভ হৈছে চৰ্চা।

অন্ত পৰা নাই ভোটগ্ৰহণঃ অমিত শ্বাহে ক'লে চৰকাৰ গঠন কৰিলেই বিজেপিয়ে...
সামাজিক মাধ্যমৰ পৰা আঁতৰাব লাগিব ভুৱা পোষ্টঃ নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশনা...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in