ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ ড° ছৈয়দ আব্দুৰ ৰেজ্জাক বিদায় সম্বৰ্ধনা

ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ ড° ছৈয়দ আব্দুৰ ৰেজ্জাক বিদায় সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ ড° ছৈয়দ আব্দুৰ ৰেজ্জাক বিদায় সম্বৰ্ধনা

ডিজিটেল সংবাদ,ৰঙিয়া: ৰঙিয়া মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ সৌজন্যত মহাবিদ্যালয় প্ৰাংগনত বৃহস্পতিবাৰে এক বিদায়ী সভা অনুষ্ঠিত হয় । দিনৰ ২ বজাত অনুষ্ঠিত হোৱা সভাত মহাবিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ড° ছৈয়দ আব্দুৰ ৰেজ্জাক বিদায় সম্বৰ্ধনা জনোৱা হয় । এই বিদায় ক্ষণত অধ্যাপক গৰাকীয়ে ৩৪ বছৰীয়া শৈক্ষিক জগতত মহাবিদ্যালয়খনৰ স্মৃতি সোঁৱৰাই আবেগিক হৈ পৰে ।

Advertisment

উল্লেখ্য যে "এনাজৰী অবিৰত যাত্ৰা" শীৰ্ষক মহাবিদ্যালয়খনৰ অধ্যাপক গোটেই আয়োজন কৰা বিদায় সভাত ৰঙিয়া কলেজ গোটৰ সভাপতি ৰাজেশ কুমাৰ, মহাবিদ্যালয় অধ্যক্ষ ব্ৰজেন্দ্ৰ শইকীয়া, কৰ্মচাৰী গোটৰ সভাপতি খাইৰুল হুছেইনকে ধৰি মহাবিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপক তথা কৰ্মচাৰীবৃন্দ উপস্থিত থাকে । সভাখনৰ আতঁ ধৰে বাণিজ্য বিভাগৰ অধ্যাপক দীপক কলিতাই ।

Also Read: ঘিলামৰাত সুচল পথ বিচাৰি ভুক্তভোগীৰ প্ৰতিবাদ