শিশু যৌন নিৰ্যাতনকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড...

কাজলগাওঁ সত্ৰ ন্যায়াধীশৰ এই ৰায়দান
শিশু যৌন নিৰ্যাতনকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড...
শিশু যৌন নিৰ্যাতনকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড...

ডিজিটেল সংবাদ চিৰাং: চিৰাঙৰ কাজলগাঁও অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে আজি এগৰাকী শিশু যৌন নিৰ্যাতনকাৰী আচামীৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ৰায়দান কৰে। অতিৰিক্ত সত্ৰ ন্যায়াধীশ ৰূপক ৰজকৰ আদালতে যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা দিয়া আইন (POCSO) ৰ অধীনত অভিযুক্ত আচামী হৰিচৰণ সৰকাৰ (২৪) ক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২০ হেজাৰ টকা জৰিমণা ঘোষণা কৰে।

বিগত ২০২১ বৰ্ষত ঢালিগাঁও থানাৰ অন্তৰ্গত কুকুৰমাৰী গাঁৱৰ বাসিন্দা কুমুদ সৰকাৰৰ পুত্ৰ হৰিচৰণ সৰকাৰে এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল। পিছত নিৰ্যাতিতা নাবালিকাৰ অভিভাৱকে অভিযুক্ত হৰিচৰণ সৰকাৰ উক্ত যৌন নিৰ্যাতনৰ ঘটনাত সহযোগ আগবঢ়োৱা দীপাংকৰ ৰায় আৰু জোনালী ৰায়ৰ নামত ঢালিগাঁও থানাত এজাহাৰ দাখিল কৰিছিল।

ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ঢালিগাঁও থানাৰ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি POCSO আইনৰ অধীনত তিনিওজনকে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছিল। পৰবৰ্তী সময়ত ঢালিগাঁও থানাৰ আৰক্ষীয়ে তদন্ত কৰি অভিযুক্ত হৰিচৰণ সৰকাৰসহ বাকী দুই আচামীৰ বিৰুদ্ধে পকচো আইনৰ অধীনত কাজলগাঁও আদালতত অভিযোগনামা দাখিল কৰে।

প্ৰায় তিনিবছৰ সময় বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি কাজলগাঁও অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ এই ঐতিহাসিক ৰায়দান কৰে। উল্লেখ্য যে, আজিৰ ৰায়দানত জৰিমনা কৰা ২০ হেজাৰ টকা অনাদায়ে অতিৰিক্ত এমাহৰ কাৰাদণ্ডৰ কথা ঘোষণা কৰে।

সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াত ভুক্তভোগীৰ হৈ আদালতত যুক্তি দৰ্শায় চৰকাৰী অধিবক্তা নন্দিতা বসুমতাৰীয়ে। আজি কাজলগাঁৱৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে শিশুক যৌন নিৰ্যাতনকাৰীৰ বিৰুদ্ধে যি ঐতিহাসিক ৰায়দান দিলে আৰু এই ৰায়দানে আগন্তুক সময়ত এনেধৰনৰ জঘণ্য অপৰাধ সংঘটিত কৰাৰ বিকৃত মানসিকতা থকা লোকসকলে এনেধৰনৰ যৌন অপৰাধ কৰাৰ আগতে এশবাৰ চিন্তা কৰিব।

এই ৰায়দান আমাৰ সমাজলৈ এটা বিশেষ বাৰ্তা প্ৰেৰণ কৰিব যে, এনেধৰনৰ জঘণ্য অপৰাধ সংঘটিত কৰিলে আমাৰ দেশৰ আইন ব্যৱস্থাই কাকো ৰেহাই নিদিয়ে বুলি চৰকাৰী অধিবক্তাগৰাকীয়ে মন্তব্য কৰে।

শিশু যৌন নিৰ্যাতনকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড...
টি জি বৰুৱা সোঁৱৰণী মিডিয়া ক্ৰিকেটৰ ছেমিত অসমীয়া প্ৰতিদিন, প্ৰাগ নিউজ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in