/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/55dab7c5-8c1d-4177-a02f-1c5ac6fa3fb3/360.jpg)
ডিজিটেল ডেস্ক : অসম প্ৰদেশ কংগ্ৰেছত অৱ্যাহত আছে খহনীয়াৰ। লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোৰ কেইবাগৰাকী আগশাৰীৰ নেতাই দল ত্যাগ কৰি ইতিমধ্যে অন্য দললৈ ঢাপলি মেলিছে।
দলটোৰ এনে বিপৰ্যয়ৰ সময়তে চৰ্চা চলিছিল জ্যেষ্ঠ নেতা ৰাণা গোস্বামীৰ স্থিতিক লৈ। কিছুদিন পূৰ্বে তেওঁ দলীয় কিছু কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰি দলৰ বিষয়বাবৰ পৰা অব্যাহতি বিচাৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/b543b112-0cc5-4674-b1eb-ef7b8e12af34/733eb161_b645_492b_9278_b3c46d7780bf.jpg)
হয়তো সেয়াই আছিল কংগ্ৰেছক বিদায় জনোৱাৰ প্ৰথম পদক্ষেপ ! কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে চৰ্চা অনুসৰিয়ে সকলো পদৰ পৰা দায়িত্ব এৰি বুধবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছক বিদায় জনায়। সম্ভৱতঃ এই বিদায় বিজেপিমুখী হোৱাৰ।
বুধবাৰে ৰাণা গোস্বামীয়ে তেওঁৰ পদত্যাগ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰে। প্ৰাথমিক সদস্য পদ ত্যাগ কৰাৰ কথা উল্লেখ কৰি ৰাণা গোস্বামীয়ে সভাপতি বৰাৰ হাতত পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।
ৰাণা গোস্বামীৰ এই পদত্যাগৰ পাচতে গেৰুৱা বসন পিন্ধাৰ পূৰ্ণ সম্ভাৱনা থকাৰ কথা জানিব পৰা গৈছে। উল্লেখ্য যে ৰাণা গোস্বামী প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পদত অধিষ্ঠিত আছিল। তেওঁৰ পদত্যাগে দলত কি প্ৰভাৱ পেলাই পৰৱৰ্তী সময়ত সেয়া লক্ষ্যণীয় হ'ব।
উল্লেখ কৰা প্ৰয়োজন যে, লোকসভা নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত ইটোৰ পিছত সিটো ঘটনাই জুৰুলা কৰিছে অসম প্ৰদেশ কংগ্ৰেছক। দলটোৰ কেইবাগৰাকীও বিধায়কে মুকলিকৈ বিজেপি তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰাৰ পিছত ৰাজ্যজুৰি বহু শতাধিক নেতা-কৰ্মীয়ে এৰিছিল কংগ্ৰেছ দল।