ড০ কলিতাৰ অৱসৰ : গুৱাহাটী কমাৰ্চত বিষাদৰ পৰিৱেশ

ড০ কলিতাৰ অৱসৰ : গুৱাহাটী কমাৰ্চত বিষাদৰ পৰিৱেশ

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে অৱসৰগ্ৰহণ কৰিব গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ ড০ হোমেশ্বৰ কলিতাই। নিৰ্দিষ্ট বয়সত অৱসৰগ্ৰহণ কৰাটো চৰকাৰী চাকৰি বিধি অনুসৰি অপৰিহাৰ্য যদিও, অতিকে দক্ষ শিক্ষা,সমাজ-সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত হৈ থকা ড০ কলিতাৰ অৱসৰৰ খবৰে সচেতন সকলোকে মৰ্মাহত কৰিছে।

বিদ্যায়তনিক ক্ষেত্ৰৰ সৈতে জড়িত সকলোৱে এই কথা একেমুখে স্বীকাৰ কৰে যে, ড০ হোমেশ্বৰ কলিতাই অধ্যক্ষৰূপে যোগদান কৰাৰ পৰৱৰ্তী ১০টা বছৰত গুৱাহাটী কমাৰ্চৰ মানদণ্ড, প্ৰশাসনীয় শৃংখলা আৰু মহাবিদ্যালয়খনত স্নাতকোত্তৰ মহলালৈকে নতুন নতুন বিষয়ৰ শাখা অন্তৰ্ভুক্ত কৰি এক নতুন মাত্ৰা প্ৰদান কৰিছিল।

ইয়াৰ পূৰ্বৱৰ্তী পৰ্যায়ত কমাৰ্চ পইণ্টৰ ৰাজপথত একাংশ শিক্ষাৰ্থী আৰু আন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে ৰেষ্টোৰা,বাট-পথত বিচৰণ কৰি এসময়ত এক অসুস্থ বাতাবৰণ সৃষ্টি কৰিছিল যদিও অধ্যক্ষৰ দায়িত্ব লোৱা ড০ কলিতাই অতি বিচক্ষণতা আৰু অভিভাৱকসদৃশ বুজনিৰ মাজেৰে এই পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিছিল।

তদুপৰি, মহাবিদ্যালয় চৌহদত গীত,নাট,নৃত্যৰ কৰ্মশালাৰ লগতে শৈক্ষিক বিষয়ৰ আলোচনাসত্ৰবোৰ অনুষ্ঠিত কৰিও মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ সুদৃঢ় আধাৰ গঢ়ি দিয়াৰ ক্ষেত্ৰত নিৰন্তৰ প্ৰচেষ্টা চলোৱাৰ পৰিণতিতে গুৱাহাটী কমাৰ্চ কলেজৰ গুৰুত্ব সমগ্ৰ অসমত বৃদ্ধি পাইছিল।

সেয়েহে তেওঁৰ বিদায়ৰ খবৰে পৰৱৰ্তী পৰ্যায়ত মহাবিদ্যালয়খনৰ এই মানদণ্ড পূৰ্বতকৈও বৃদ্ধি কৰিব পৰা প্ৰকৃত শিক্ষাত ব্ৰতী, দক্ষ আৰু সকলোৰে সৈতে সুসম্পৰ্ক ৰক্ষা কৰিব পৰা উপযুক্ত এজন অধ্যক্ষই দায়িত্ব গ্ৰহণ কৰাটো সকলোৱে আশা কৰিছে।

ড০ কলিতাৰ অৱসৰ : গুৱাহাটী কমাৰ্চত বিষাদৰ পৰিৱেশ
বাইহাটাত খহিঁ পৰিল নিৰ্মীয়মান উৰণ সেতুঁঃ এজনৰ মৃত্যুৰ লগতে আৰু শ্ৰমিক আৱদ্ধ হৈ থকাৰ সন্দেহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in