ৰামপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত দিব্যাংগ ছাত্ৰ-ছাত্ৰীক সা-সঁজুলি বিতৰণ কাৰ্যসূচী...

দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত ৰামপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত দিব্যাংগ ছাত্ৰ-ছাত্ৰীক সা-সঁজুলি বিতৰণ কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
ৰামপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত দিব্যাংগ ছাত্ৰ-ছাত্ৰীক সা-সঁজুলি বিতৰণ কাৰ্যসূচী...

ডিজিটেল সংবাদ, পলাশবাৰী: দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত ৰামপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত দিব্যাংগ ছাত্ৰ-ছাত্ৰীক সা-সঁজুলি বিতৰণ কাৰ্যসূচী। উক্ত অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া উপস্থিত থাকে।

Advertisment

উক্ত অনুষ্ঠানত উপস্থিত থাকি "দিব্যাংগ সকলৰ প্ৰতি সহানুভূতিশীল হৈ আমি প্ৰতিজন নাগৰিকে হাত আগবঢ়ালে সমাজৰ উন্নতি সুনিশ্চিত" বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে। সভাত ৰামপুৰ, ৰাণী আৰু ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত মুঠ ৮০ জন দিব্যাংগ ছাত্ৰ-ছাত্ৰীক কেইবাবিধও সহায়ক সা-সঁজুলি বিতৰণ কৰা হয় ।

সভাৰ আঁত ধৰে সমল ব্যক্তি ক্ৰমে জলি ভট্টাচাৰ্য্য আৰু তপন দাসে। উক্ত সভাত ৰামপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰুবি ভাৰতী, জিলা আঁচনি বিষয়া ক্ৰমে দেৱযানি দাস আৰু কল্পনা দাস, ৩১ নং দহালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাধান শিক্ষক অনিল কলিতা, ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকৰ লগতে ৰামপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

Also Read: ৰাহুলৰ কান্ধত উঠি ইন্দিৰা গান্ধীৰ দিনলৈ উভতিব খুজিছে নেকি চৰকাৰ ?

education minister of assam