লামডিং শাখা সাহিত্য সভাৰ উদ্যোগত ৰামধেনু অনুষ্ঠানৰ আয়োজন

লামডিং শাখা সাহিত্য সভাৰ উদ্যোগত ৰামধেনু অনুষ্ঠানৰ আয়োজন

author-image
Asomiya Pratidin
New Update
লামডিং শাখা সাহিত্য সভাৰ উদ্যোগত ৰামধেনু অনুষ্ঠানৰ আয়োজন

ডিজিটেল সংবাদ,লামডিং: দেওবাৰে লামডিং ৰে'লৱে ইনষ্টিটিউত লামডিং শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত হোজাই জিলা সাহিত্য সভাৰ ৰামধেনু উপ-সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসচীৰে ৰামধেনু অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত লামডিং শাখা সাহিত্য সভাৰ সভাপতি কামাখ্যা প্ৰসাদ হাজৰিকাই পতকা উত্তোলন কৰি অনুষ্ঠানৰ শুভৰাম্ভ কৰে।

Advertisment

ৰামধেনু অনুষ্ঠানত হোজাই জিলা সাহিত্য সভা শাখাসমূহৰ পৰা নিৰ্বাচিত শিল্পীসকলে নিজ নিজ প্ৰতিভা প্ৰদৰ্শন কৰাৰ লগতে এক অন্তৰংগ অনুষ্ঠানো অনুষ্ঠিত হয়। হোজাই জিলাৰ সাহিত্য সভাৰ সভাপতি ডক্তৰ ইন্দ্ৰজিৎ বেজবৰুৱাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় ।

মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে গল্পকাৰ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাই। অনুষ্ঠানটিত প্ৰদৰ্শন কৰা শিল্পীসকলক উদ্গনি মূলক বঁটা প্ৰদান কৰাৰ অন্তত ৰামধেনু সন্দৰ্ভত এখনি আলোচনা চক্ৰত মিলিত হয় ।

Also Read: গুৱাহাটীৰ ভাড়া ঘৰত উদ্ধাৰ ধেমাজিৰ অনুষ্কাৰ মৃতদেহ...

assam sahitya sabha lumding